গোলাঘাট,12 ডিচেম্বৰ :শনিবাৰে উখল মাখল হ’ল গোলাঘাট চহৰ ৷ আৱতৰীয়া বিহু, ঝুমুৰ, ঐনিতমে উতলা কৰিলে ৰাইজৰ মন ৷ আনফালে ঐনিতমৰ তালে তালে কঁকাল ভাঙিলে চলচিত্ৰ অভিনেত্ৰী জেৰিফা ৱাহিদে । নিৰ্বাচনৰ দিন যিমানেই কাষ চাপি আহিছে সিমানেই তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ। পুৰণি দল সমূহৰ সমান্তৰালভাৱে নিৰ্বাচনৰ যুঁজৰ বাবে সাজু হৈ পৰিছে নতুন কৈ গঠন হোৱা দল সমূহ ।
ৰাইজৰ দলৰ প্ৰথম খন জিলা অভিবৰ্তনৰে উখল মাখল গোলাঘাট চহৰ - বাৰেৰহণীয়া সাংস্কৃতিক সমদলেৰে
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছত্ৰছাঁয়াত গঠন হোৱা ৰাইজৰ দলৰ প্ৰথম খন জিলা অভিবৰ্তন শনিবাৰে গোলাঘাটত অনুষ্ঠিত হয় ৷ এক বাৰেৰহণীয়া সাংস্কৃতিক সমদলেৰে আৰম্ভ হোৱা এই অভিৱৰ্তনত আহ্বায়ক জাহ্নুবৰুৱা, চলচ্চিত্ৰ পৰিচালিকা গায়ত্ৰী বৰুৱা , অভিনেত্ৰী জেৰিফা ৱাহিদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ভাস্কো ডি শইকীয়া আদিয়ে বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে ।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছত্ৰছাঁয়াত গঠন হোৱা ৰাইজৰ দলৰ প্ৰথম খন জিলা অভিবৰ্তন শনিবাৰে গোলাঘাটত অনুষ্ঠিত হয় ৷ এক বাৰেৰহণীয়া সাংস্কৃতিক সমদলেৰে আৰম্ভ হোৱা এই অভিৱৰ্তনত আহ্বায়ক জাহ্নুবৰুৱা, চলচ্চিত্ৰ পৰিচালিকা গায়ত্ৰী বৰুৱা , অভিনেত্ৰী জেৰিফা ৱাহিদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ভাস্কো ডি শইকীয়া আদিয়ে বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে । 'কা' আন্দোলনৰ শ্বহীদক স্মৃতি তৰ্পনেৰে গোলাঘাটৰ এমেচাৰ হ’লত অনুষ্ঠিত হোৱা এই অভিবৰ্তনে গোলাঘাটৰ পাঁচোটা বিধান সভা সমষ্টিৰ নেতা কৰ্মী উপস্থিত থাকে। নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলৰ লগত মিত্ৰজোঁট হোৱাটো বুলি নিশ্চিত বুলি জানিব দিয়ে ৰাইজৰ দলৰ উপদেষ্টা জাহ্নু বৰুৱাই।
লগতে পঢ়কঃ বিটিআৰ নিৰ্বাচনৰ ভোটগণনা: শালবৰীৰ সমষ্টিত কোন প্ৰাৰ্থী আগবাঢ়ি আছে