গোলাঘাট, 3 নৱেম্বৰ :গোলাঘাট জিলাৰ চিনাতলী জৱাহৰ নৱোদয় বিদ্যালয়ত পুনৰ অঘটন । অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰক প্ৰহাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ (Ragging incident at Golaghat Jawahar Navodaya Vidyalaya)। জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অষ্টম শ্ৰেণীৰ দুই ছাত্ৰ ৷ বুধবাৰে নিশাই আহত দুই ছাত্ৰক চিকিৎসাৰ বাবে নিয়া হয় হাস্পতাললৈ ।
উল্লেখ যে, বিদ্যালয়খনৰ জ্যেষ্ঠ ছাত্ৰৰ গুণ্ডাগিৰিত অতিষ্ঠ কনিষ্ঠ ছাত্ৰ । কনিষ্ঠ ছাত্ৰৰ পৰা ধন সংগ্ৰহত লিপ্ত একাংশ জ্যেষ্ঠ ছাত্ৰ । টকা নিদিলে একাংশ জ্যেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰক শাৰীৰিক-মানসিক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছে (Student beaten up in the name of ragging)।এই ক্ষেত্ৰত বিদ্যালয় প্ৰশাসনৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে একাংশ অভিভাৱকে ।
অভিযোগ অনুসৰি, পূৰ্বৰ দৰে বুধবাৰেও অষ্টম শ্ৰেণীৰ দুই ছাত্ৰক নৱম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ একাংশ ছাত্ৰই ধনদাবী কৰিছিল ৷ দাবী কৰা ধন আদায় নিদিয়াৰ বাবেই নিশা হোষ্টেলৰ ভিতৰতে উক্ত দুই ছাত্ৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে নৱম শ্ৰেণীৰ চাৰিজন ছাত্ৰই ।