অসম

assam

ETV Bharat / state

কলগাছিয়াৰ জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক

জনীয়া সমষ্টিৰ কলগাছিয়া জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। বিগত ৮ বছৰে হোৱা মেৰামতি হোৱা নাই ১৩ কি.মি. পথ। কুম্ভকৰ্ণ নিদ্ৰাত স্থানীয় বিধায়ক আব্দুল খালেক আৰু গড়কাপ্তানি বিভাগ ৷

কলগাছিয়াৰ জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে সৰ্বসাধাৰণ জনতাক

By

Published : May 21, 2019, 2:54 PM IST

জনীয়া, ২১ মে': ৰাজ্যৰ পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰৰ উন্নয়নৰ বাস্তৱ ছবিখন উদঙাই দিছে ৰাজ্যৰ জৰাজীৰ্ণ পথ সমূহে । এই জৰাজীৰ্ণ পথ সমূহে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক । ২০১৫ চনৰে পৰাই জৰাজীৰ্ণ হৈ আছে কলগাছিয়াৰ পৰা বালিকুৰি হৈ জনতা বজাৰলৈ যোৱা পথৰ প্ৰায় ১৩ কিলোমিটাৰ পথ ৷

কলগাছিয়াৰ জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে সৰ্বসাধাৰণ জনতাক

তথাপিও আজিকোপতি মেৰামতি বা পুনৰ নিৰ্মাণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ । স্থানীয় ৰাইজে বিধায়ক আব্দুল খালেক আৰু স্থানীয় প্ৰতিনিধি সকলক বহুবাৰ অৱগত কৰাইছে যদিও এতিয়ালৈকেও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে তেওঁলোকৰ বিৰুদ্ধে । সেয়েহে অতি শীঘ্ৰেই পথটোৰ নিৰ্মাণৰ দাবী তুলিছে অঞ্চলটোৰ সাধাৰণ জনতাই ৷

ABOUT THE AUTHOR

...view details