বাইকত উঠিল অজগৰ
প্ৰায় আধা ঘন্টা সময় ধৰি বাইকৰ পৰা নামিবলৈ চেষ্টা চলালে অজগৰডালে । অজগৰ ডালৰ এই মনোৰম দৃশ্য চাবলৈ ঘাইপথৰ কাষত ভিৰ কৰিলেহি স্থানীয় লোক তথা পথচাৰীয়ে ৷
গোলাঘাট, 18 আগষ্টঃ গোলাঘাটৰ কমাৰগাঁৱত বাইকত উঠিল এডাল প্ৰকাণ্ড অজগৰ ৷ গোলাঘাট কমাৰগাঁৱত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন বাইকত উঠি লটিঘটি সাপডালৰ । প্ৰায় আধা ঘন্টা সময় ধৰি বাইকৰ পৰা নামিবলৈ চেষ্টা চলালে অজগৰডালে । অজগৰ ডালৰ এই মনোৰম দৃশ্য চাবলৈ ঘাইপথৰ কাষত ভিৰ কৰিলেহি স্থানীয় লোক তথা পথচাৰীয়ে । স্থানীয় লোকৰ ভাষ্য অনুসৰি কাষতে থকা হাবিৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি বাইকত উঠিলহি সাপডাল । বহু সময়ৰ পিছত ঘটনাস্থলীত স্থানীয় নুমলীগড় বন বিভাগৰ লোক উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰি দেওপাহাৰ বনাঞ্চলত মুকলি কৰি দিয়ে অজগৰডাল ।