গোলাঘাট, 29 আগষ্টঃবৃহস্পতিবাৰে গোলাঘাটৰ জিলাৰ জামুগুৰিৰ মলহানীটুপ গাঁৱৰ কৃষি ভূমিত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয় ৷ হালবাই থকা অৱস্থাত কৃষকে উদ্ধাৰ কৰে অজগৰ ডাল।
গোলাঘাটৰ জামুগুৰিৰ কৃষি ভূমিত উদ্ধাৰ প্ৰকাণ্ড অজগৰ - অজগৰ
বিগত কিছুদিনৰ পৰা অজগৰটোয়ে অঞ্চলটোৰ বহু লোকৰ হাঁহ,কুকুৰা ভক্ষণ কৰি আহিছিল ।
কৃষি ভূমিত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
জিলাখনৰ জামুগুৰি আঞ্চলিক বন সংমণ্ডৰ অধীনৰ জামুগুৰি ফৰেষ্ট কেম্পৰ কিছু সমীপত উদ্ধাৰ হয় প্ৰায় 20 কিলো গ্ৰাম ওজনৰ অজগৰ ডাল ৷ দুজনমান কৃষকে টেক্টৰেৰে মাটি চহাই থকা অৱস্থাত অজগৰ ডাল প্ৰত্যক্ষ কৰে আৰু ততাতৈয়াকৈ জামুগুৰি বন কৰ্মীক খবৰ দি কৰি দিয়ে ৷ পৰৱৰ্তী সময়ত অজগৰডাল জামুগুৰি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীয়ে নামবৰ অভয়াৰণ্যত মুকলি কৰি দিয়ে ৷ গাঁও বাসীয়ে জনোৱা অনুসৰি বিগত কিছুদিনৰ পৰা অজগৰটোয়ে অঞ্চলটোৰ বহু লোকৰ হাঁহ,কুকুৰা ভক্ষণ কৰি আহিছিল ।