গোলাঘাট, 11 জুলাইঃ গোলাঘাট নুমলীগড় 39 নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক নেতা অখিল গগৈসহ সকলো কাৰাবন্দী নেতাৰ মুক্তিৰ দাবীত সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
অখিল গগৈঃ গোলাঘাটত উত্তপ্ত পৰিস্থিতি উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চমুকৈ 'কা' আন্দোলনত জড়িত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈকে ধৰি বহুজন নেতাক চৰকাৰে ইটোৰ পিছত সিটো গোচৰ জাপি দি সুদীৰ্ঘ দিন ধৰি চৰকাৰে কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে ৷ ইতিমধ্যে কাৰাগাৰাত আবদ্ধ নেতা কেইজন কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি বিভিন্ন ছ'চিয়েল মিডিয়াত বাতৰি সম্প্ৰাচাৰ হোৱাৰ পিছতেই ৰাজ্য জুৰি অখিল গগৈকে ধৰি সকলো আবদ্ধ নেতাক মুকলি কৰি দিবলৈ বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
ঠিক একে দৰে গোলাঘাট জিলাৰ নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰাবাংলাত সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত AATSA(I) বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে কৃষক নেতা কেইজনক মুকলি কৰি দিয়াৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে'কাৰ্ড লৈ চৰকাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । অখিল গগৈ,ধৈৰ্য কোঁৱৰ,বিতু সোণোৱালকে ধৰি সহ সকলো কাৰাবন্দী নেতা কেইজনক অতিশীৰ্ঘে বিনাচৰ্তে মুকলি কৰি দিয়াৰ লগতে উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ দাবী জনায় ৷ যদি অতি শীঘ্ৰে নেতা কেইজনক কাৰাগাৰাৰ পৰা মুকলি কৰি নিদিয়ে তেনেহ'লে অনাগত দিনত জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক- কৰ'ণাৰ কৱলত এইবাৰ ওদালগুৰি জিলা কাৰাগাৰ