অসম

assam

ETV Bharat / state

কয়লা, সুৰা, চিমেণ্ট, চুপাৰীৰ চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী - আৰক্ষী প্ৰধান কুলধৰ শইকীয়া

গোলাঘাটত সঘনাই বৃদ্ধি পাবলৈ ধৰা ড্ৰাগছৰ ব্যৱসায় আৰু কেতবোৰ অপৰাজনীত কাৰ্য ৰোধ কৰাৰ উদ্দেশ্যে এখন নাগৰিক সভাত অংশ গ্ৰহণ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই । ড্ৰাগছৰ বিৰুদ্ধে অভিভাৱক সকলক সচেতন হ'বলৈ আহবান জনোৱাৰ লগতে শিক্ষানুষ্ঠান সমূহত সঘনাই সজাগতা মূলক সভা অনুষ্ঠিত কৰাৰ আহবান জনাই আৰক্ষীৰ সঞ্চালক প্ৰধান শইকীয়াই ।

কয়লা, সুৰা, চিমেণ্ট,চুপাৰীৰ চিণ্ডিকেট চলিবলৈ দিয়া নহ'বঃ আৰক্ষী সঞ্চালক প্ৰধান

By

Published : Oct 13, 2019, 8:15 PM IST

গোলাঘাট, ১৩ অক্টোবৰঃগোলাঘাটত এখন নাগৰিক সভাত অংশ গ্ৰহণ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই । সভাত অসমত কয়লা, সুৰা, চিমেণ্ট, চুপাৰী আদিৰ চিণ্ডিকেট চলিবলৈ দিয়া নহ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে । এনে অবৈধ ব্যৱসায়ত জড়িত থকা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় সঞ্চালক প্ৰধান গৰাকীয়ে ।

তাৰোপৰি গোলাঘাট জিলাত ভয়াবহ ৰূপ ধাৰণ কৰা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱা বুলিও কয় আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে । তেওঁ লগতে ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকা কোনো ব্যক্তিক চিনাক্ত কৰিব পাৰিলে আৰক্ষীক তৎকালে জনাবলৈ ৰাইজক আহবান জনাই । ড্ৰাগছ সেৱন কৰা ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতী সকলৰ অভিভাৱক সকলক সচেতন হ'বলৈ আহবান জনোৱাৰ লগতে শিক্ষানুষ্ঠান সমূহত সঘনাই সজাগতা মূলক সভা অনুষ্ঠিত কৰাৰ আহবান জনাই শইকীয়াই । আৰক্ষী আৰু ৰাইজৰ মাজত সদভাৱনা সৃষ্টিৰ লক্ষ্যৰে গোলাঘাটৰ নাগৰিকৰ সৈতে মিলিত হোৱা বুলিও কয় । এখন অপৰাধ মুক্ত সমাজ গঢ়াৰ চেষ্টা অব্যাহত ৰখা বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে।

কয়লা, সুৰা, চিমেণ্ট,চুপাৰীৰ চিণ্ডিকেট চলিবলৈ দিয়া নহ'বঃ আৰক্ষী সঞ্চালক প্ৰধান

ABOUT THE AUTHOR

...view details