অসম

assam

ETV Bharat / state

খুমটাইৰ নাহৰণিত ৰাজহুৱা সভা - গোলাঘাটৰ জিলা

আগৰ উড আৰু আতৰ সমবায় ছচাইটিৰ উদ্যোগত খুমটাইৰ নাহৰণি হাইস্কুলত ৰাজহুৱা সভা ৷ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰক স্থাপন সিদ্ধান্তক আদৰণী জনোৱাৰ লগতে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন ৷

খুমটাইৰ নাহৰণিত ৰাজহুৱা সভা

By

Published : Jul 29, 2019, 11:28 PM IST

খুমটাই, 26 জুলাইঃখুমটাইৰ নাহৰণিত আগৰ উড আৰু আতৰ সমবায় ছচাইটিৰ উদ্যোগত ৰাজহুৱা সভা ৷ এই ৰাজহুৱা সভাৰ সভাপতিত্ব কৰে ছচাইটিৰ খনৰ সভাপতি চিৰাজুল হুছেইনে। সভাখনত অতিথি হিচাপে অংশগ্ৰহণ কৰে গোলাঘাট জিলাৰ যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আব্দুল হাচিমে। এই সভাখনত জিলাখনৰ সাঁচি ব্যৱসায়ী সকলৰ লগতে সাঁচি খেতিয়ক সকলে অংশগ্ৰহণ কৰে।

খুমটাইৰ নাহৰণিত ৰাজহুৱা সভা

ইপিনে গোলাঘাটৰ জিলাৰ বিভিন্ন দল সংগঠনৰ দাবীৰ ভিত্তিত লোৱা আন্দোলনৰ কাৰ্যসূচী সমূহক চৰকাৰে মান্যতা প্ৰদান কৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰক স্থাপন সিদ্ধান্তক আদৰণী জনোৱাৰ লগতে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে । এই সভাতেই সাঁচিৰ নতুনকৈ সুকীয়া আইন প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক অনুৰোধ জনোৱা হয়। আনহাতে অনাগত দিনত এই বিষয় সমূহৰ ওপৰত কেনে ধৰণৰ কাৰ্যপন্থালৈ আগুৱাই যাব পাৰি তাৰ বিষয়ে বিষদভাৱে আলোচনা কৰে ।

ABOUT THE AUTHOR

...view details