গোলাঘাট,3 আগষ্ট:পথৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিনৰ পৰা দুৰ্ভোগ ভূগি আহিছে গোলাঘাটৰ সৰুপথাৰবাসীয়ে ৷ গোলাঘাট জিলাৰ নুমলীগড়ৰ এটা পথে জ্বলা-কলা খুৱাইছে প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ বাসিন্দাক ৷ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙি মৌজাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লুৰুকীহাটৰ পৰা ফলঙণী কৌৱানী সংযোগী পথটোৰে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে পথচাৰীসকলে ৷
সৰুপথাৰত ৰাইজৰ তৎপৰতাত পথ মেৰামতি - মৰঙি মৌজা
নুমলীগড়ৰ এটা পথে দীৰ্ঘদিন ধৰি জ্বলা-কলা খুৱাইছে প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ বাসিন্দাক ৷ পথ নিৰ্মাণত কাণসাৰ নথকা জন প্ৰতিনিধিৰ বিৰুদ্ধে অৱশেষত স্থানীয় ৰাইজ ওলাই আহি মেৰামতি কৰে পথটো ৷
ৰাইজৰ তৎপৰতাত পথ মেৰামতি
পথটো তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনতে পকীপথলৈ ৰূপান্তৰিত কৰাৰ কথা নিৰ্ধাৰণ কৰা হৈছিল যদিও আজিকোপতি সম্পূৰ্ণ নহ’ল পথ নিৰ্মাণৰ কাম ৷ স্থানীয় জন প্ৰতিনিধিয়েও বিষয় সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ নকৰাত পথ নিৰ্মাণৰ বাবে অৱশেষত ওলাই আহে ৰাইজ ৷ হাতে হাতে কোৰ লৈ ৰাইজে মেৰামতি কৰে উক্ত পথছোৱা ৷
লগতে চাওকঃ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি মৰিগাঁও জিলা প্ৰশাসনৰ