দেৰগাঁও, 16 জুন : ৰাজ্যৰ চৌদিশে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীত আৰম্ভ হৈছে উত্তাল প্ৰতিবাদ । বুধবাৰে দেৰগাঁৱত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীত ছাত্ৰ মুক্তি আৰু নাৰী মুক্তিয়ে মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Hiamnta BIswa Sarma)ই মহিলা সকলৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰাক লৈ আৰম্ভ হৈছে এই প্ৰতিবাদ । স্থানীয় ভূক্তভোগী মহিলাক লৈ ছাত্ৰ মুক্তি আৰু নাৰী মুক্তিৰ উদ্যোগত মানৱ শৃংখলেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে দেৰগাঁৱৰ বগৰীয়নীৰ অগ্নিপূৰত । মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহায় নিদিয়া পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক গ্ৰাম্য অঞ্চলৰ ভুক্তভুগী মহিলাক লৈ আভুৱা ভৰা ৰাজনীতি নকৰিবলৈ আহ্বান প্ৰতিবাদকাৰীৰ । এই প্ৰতিবাদী কাৰ্যসূচীত গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি সত্যব্ৰত শইকীয়া, সম্পাদক জ্যোতিষ্মান বৰা, দেৰগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ঋতুৰাজ বৰুৱা, জিলা কাৰ্যনিৰ্বাহক বিকাশ বৰুৱাকে ধৰি নাৰী মুক্তিৰ দেৰগাঁও আঞ্চলিকৰ সভানেত্ৰী মমী বৰা, উপ সভানেত্ৰী ববী বড়ীকে ধৰি বিভিন্ন বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে ।