গোলাঘাট,30 জুন: চাহ শ্ৰমিকসকলৰ হাজিৰা বৃদ্ধি আৰু বিভিন্ন সমস্যাসমূহৰ সমাধানৰ দাবীত মঙলবাৰে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলে অসম চাহ মজদুৰ সংঘই । শ্ৰমিকসকলে বৰ্তমান লাভ কৰি থকা নূন্যতম বেতনৰ ফলত বহু অসুবিধাৰ সন্মুখীন হৈ আহিছিল শ্ৰমিকসকল ৷ সেয়ে দৈনিক হাজিৰা বৃদ্ধিৰ দাবীৰে নুমলীগড়ৰ চাহ বাগিচাৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰে চাহ শ্ৰমিকসকলে ।
নুমলীগড়ত চাহ শ্ৰমিকৰ সাব্য়স্ত প্ৰতিবাদ - নুমলীগড়ৰ চাহ বাগিচা
গোলাঘাটৰ নুমলীগড়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত চাহ শ্ৰমিকৰ ৷ শ্ৰমিকসকলৰ দৈনিক মজুৰী বৃদ্ধিৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ লগতে শতাধিক শ্ৰমিকে ঘেৰাও কৰে বাগিচাৰ কাৰ্যালয় ৷

নুমলীগড়ত চাহ শ্ৰমিকৰ সাব্য়স্ত প্ৰতিবাদ
নুমলীগড়ত চাহ শ্ৰমিকৰ সাব্য়স্ত প্ৰতিবাদ
আনহাতে, বাগিচাৰ ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ বাবে চৰকাৰৰ ওপৰত তীব্ৰ ক্ষোভ ব্যক্ত কৰে নুমলীগড় বাগিচা সংঘই ৷ শ্ৰমিকসকলৰ দাবীসমূহ পূৰণ নকৰিলে তেনে বাগিচা বন্ধ কৰি ইয়াতকৈও জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে পৰৱৰ্তী নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ প্ৰদান কৰে চাহ মজদুৰ সংঘৰ প্ৰতিবাদকাৰীসকলে ।
লগতে চাওকঃবাক্সাত চানতাল জনগোষ্ঠীৰ সংহতি দিৱস