গোলাঘাট,নুমলীগড় ; অক্টোবৰ 11 :ঐতিহাসিক অসম আন্দোলনৰ ফলস্বৰূপে অসম চুক্তিৰ আধাৰত অসমত প্ৰতিষ্ঠা হৈছিল নুমলীগড় তেল শোধনাগাৰ ৷ কিন্তু আজি নুমলীগড় তেলশোধনাগাৰ চৌহদ উত্তাল হ'ল প্ৰতিবাদত ৷ আন্দোলনৰ ফলতে লাভ কৰা শোধনাগাৰটো ৰক্ষাৰ বাবে পুনৰ আন্দোলনত নামিছে ৰিফাইনেৰী টেংকাৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠন ৷
নুমলীগড় তেল শোধনাগাৰ চৌহদত অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদ - নুমলীগড় তেলশোধনাগাৰ ব্যক্তিগতকৰণ
নুমলীগড় তেল শোধনাগাৰটো ব্যক্তিগতকৰণ কৰা হ'ব বুলি যি তথ্য ইতিমধ্যে প্ৰকাশ পাইছে, তাৰেই বিৰোধিতা কৰি শোধনাগাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ৰিফাইনেৰী টেংকাৰ সন্থাই ৷ বি পি চি এলত প্ৰায় 62 শতাংশ অংশীদাৰিত্ব আছে নুমলীগড় শোধনাগাৰৰ ৷ যদিহে বি পি চি এলৰ ব্যক্তিগতকৰণ হয়, তেন্তে ব্যক্তিগত মালিকৰ হাতত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে নুমলীগড় শোধনাগাৰ ৷
উল্লেখ্য যে, নুমলীগড় তেল শোধনাগাৰটো ব্যক্তিগতকৰণ কৰা হ'ব বুলি যি তথ্য ইতিমধ্যে প্ৰকাশ পাইছে, তাৰেই বিৰোধিতা কৰি শোধনাগাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ৰিফাইনেৰী টেংকাৰ সন্থাই ৷ বি পি চি এলত প্ৰায় 62 শতাংশ অংশীদাৰিত্ব আছে নুমলীগড় শোধনাগাৰৰ ৷ যদিহে বি পি চি এলৰ ব্যক্তিগতকৰণ হয়, তেন্তে ব্যক্তিগত মালিকৰ হাতত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে নুমলীগড় শোধনাগাৰ ৷
অসম আন্দোলনৰ দীঘলীয়া পৰিক্ৰমা আৰু অসমৰ 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত লাভ কৰা নুমলীগড় তেলশোধনাগাৰ ব্যক্তিগতকৰণ হোৱাৰ আশংকাত জাঙুৰ খাই উঠিছে দল-সংগঠন ৷ নুমলীগড় তেলশোধনাগাৰ টেংকাৰ সংস্থাই কোনোপধ্যেই নুমলীগড় তেল শোধনাগাৰক ব্যক্তিগতকৰণ কৰিবলৈ দিয়া নহ'ব বুলি দাবী তোলে ৷ ইয়াকে লৈ অইল ৰিফাইনেৰী টেংকাৰ সংস্থাৰ বিষয়-ববীয়া, সদস্যই নুমলীগড় তেল শোধনাগাৰৰ চৌহদত SAVE NRL, SAVE BPCL, ভাৰত চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায় আদি বিভিন্ন শ্ল'গানৰে পৰিবেশ উত্তাল কৰি তোলে ৷