অসম

assam

শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় প্ৰাংগণত প্ৰতিবাদ ৰোগীৰ অভিভাৱকৰ

By

Published : Jun 19, 2020, 3:10 PM IST

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগত থকা একাংশ অভিভাৱকে বৃহস্পতিবাৰে নিশা সাব্য়স্ত কৰে প্ৰতিবাদ ৷ কিছুদিন পূৰ্বে কৰ্তব্যৰত চিকিৎসাকৰ্মীৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰা গোলাঘাট নাৰ্চিং হোমৰ পৰা প্ৰসূতি আৰু সদ্যোজাত শিশুসকলক স্থানান্তৰ কৰি একেটা কক্ষতে ৰখাৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷

protest in goaghat by patient attendees
শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় প্ৰাংগণত প্ৰতিবাদ ৰোগীৰ অভিভাৱকৰ

গোলাঘাট, 19 জুনঃ বৃহস্পতিবাৰে নিশা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ ৷ চিকিৎসালয়খনৰ প্ৰসূতি বিভাগত থকা একাংশ অভিভাৱকে বিচনাতে প্ৰসূতি আৰু সদ্যোজাত শিশুক এৰি বাহিৰত অৱস্থান কৰি প্ৰতিবাদমুখৰ হৈ পৰিল চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় প্ৰাংগণত প্ৰতিবাদ ৰোগীৰ অভিভাৱকৰ

তেওঁলোকৰ অভিযোগ গোলাঘাট নাৰ্চিং হোমৰ পৰা স্থানান্তৰ কৰা চিকিৎসাধীন প্ৰসূতিক, অসামৰিক চিকিৎসালয় খনৰ একেটা প্ৰসূতি কক্ষতে ৰখাৰ ব্যৱস্থা কৰিছে ৷ অভিভাৱক সকলৰ প্ৰতিবাদৰ পিচতহে আছুতীয়া কক্ষলৈ প্ৰেৰণ কৰে নাচিং হোমৰ পৰা অহা প্ৰসূতি সকলক ৷ এই ঘটনাক কেন্দ্ৰ কৰি নিশাই চিকিৎসালয়খনত আৰক্ষী মোতায়েন কৰা হয় ৷ উল্লেখ্য যে, গোলাঘাট নাৰ্চিং হোমত কৰ্তব্যৰত লেৱৰেটৰী টেকনিচিয়ান আৰু নাৰ্চৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰা নাৰ্চিং হোম খনৰ প্ৰসূতি আৰু সদ্যোজাত শিশুসকলক স্থানান্তৰৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়কঃকোভিড-19 ৰ নিয়মকলৈ কঠোৰ হ'ব কামৰূপ মহানগৰ জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details