বোকাখাত,২০ জুলাই :‘মোৰ ভূমি মোৰ অধিকাৰ’ নীতিৰে মিছন বসুন্ধৰাৰ দৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে অসম চৰকাৰে । কিন্তু এতিয়াও অসমৰ বহু খিলঞ্জীয়া লোক পোৱা নাই ভূমিৰ পট্টা । যাৰ বাবে বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা দেখা যায় । ভূমি পট্টা প্ৰদানৰ দাবীত দল-সংগঠনসমূহেও চৰকাৰক দাবী জনাই আহিছে ।
আনকি চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহতো স্থান পায় ভূমি পট্টা প্ৰদানে । অৱশ্যে তাৰ পাছতো বহু লোকে এতিয়াও ভূমিৰ পট্টাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । এইবাৰ ভূমি পট্টা প্ৰদানৰ দাবীত গোলাঘাট জিলাৰ বোকাখাতত ৰাজপথলৈ ওলাই আহিল একাংশ লোক (Protest in Bokakhat demanding grant of land lease)।
"আমাক ম্যাদী পট্টা দিয়ক নহ'লে মাৰি পেলাওঁক" বুলি প্ৰতিবাদী শ্ল'গানো দিলে লোকসকলে (Villagers protest in Bokakhat against Assam Govt)। বোকাখাতৰ ম্যাদী পট্টাৰ পৰা বঞ্চিত শতাধিক লোকে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ৪৫ বছৰে ভূমি পট্টাৰ পৰা বঞ্চিত বোকাখাতৰ দুখন গাঁৱৰ ৰাইজক বুধবাৰে হাতে হাতে প্লে কাৰ্ড লৈ ওলাই অহা দেখা গ'ল ।