গোলাঘাট, ৯ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়তে অসম বন্ধৰ আহ্বান টাই আহোম যুৱ ছাত্ৰ পৰিষদ আৰু টাই আহোম ছাত্ৰ সন্থাই । জনজাতিকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত এইদৰে ১২ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে ।
বিজেপি গ' বেক ধ্বনিৰে মোডীক আদৰণি গোলাঘাটত - টাই আহোম যুৱ ছাত্ৰ পৰিষদ
চাংসাৰীত প্ৰস্তাৱিত সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠানৰ ভূমি পূজনৰ বাবে অসমত আহি উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । শুকুৰবাৰে গুৱাহাটীত আহি উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণৰ সময়তে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে । নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যবাসীয়ে ।

অসম বন্ধ
অসম বন্ধ
ইতিমধ্যে গোলাঘাটত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰিলক্ষিত হৈছে । টাই আহোম যুৱ পৰিষদৰ লগতে টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট শাখাই স্থানীয় পুলিবৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে । সংগঠন দুটাই নৰেন্দ্ৰ মোডী গ' বেক, সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি গ' বেক ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শীঘ্ৰেই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰে । অন্যথাই অনাগত দিন তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।