সৰুপথাৰ , 18 মে':গোলাঘাট জিলাৰ গড়কাপ্টানী বিভাগৰ সৰুপথাৰ পথ সংমণ্ডলৰ অধীনৰ সৰুপথাৰ-বৰপথাৰ সংযোগী 'ৰেংমা গঢ়কাপ্টানী পথটো' সম্প্ৰতি বিধস্ত ৷ এই বিধ্বস্ত পথটোৰ বাবে অঞ্চলবাসীয়ে দৈনিক নানা সমস্যাৰ সন্মুখীন হ'ব লগীয়া হয় ৷
সৰুপথাৰত পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ - গড়কাপ্টানী বিভাগ
সৰুপথাৰ-বৰপথাৰ সংযোগী 'ৰেংমা গঢ়কাপ্টানী পথটোৰ' বিধ্বস্ত অৱস্থাৰ বাবে সাধাৰণ ৰাইজে জ্বলাকলা খাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷
সৰুপথাৰত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ
ইপিনে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই জৰাজীৰ্ণ পথটোৱেদি দৈনিক অত্যাধিক ওজনৰ শিল , গ্ৰেভেল কঢি়ওৱা শ শ ডাম্পাৰ চলাচল কৰাৰ বাবে, পথটো যাতায়তৰ অনুপযোগি হৈ পৰিছে ৷ সেয়ে ৰাইজ অতিষ্ঠ হৈ শনিবাৰে অৰ্থাৎ আজি পথ নিৰ্মানৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ৷ "মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কাম নাই" , "গড়কাপ্টানী মন্ত্ৰ ড: হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ", " ৰেংমা পথটি অতি শীঘ্ৰে মেৰামতি কৰক" আদি বিভিন্ন প্ৰতিবাদী ধ্বনিৰে প্ৰতিবাদকাৰী সকলে শীঘ্ৰে পথটোৰ নিৰ্মাণৰ দাবী তোলে ৷