গোলাঘাট, 4 চেপ্তেম্বৰঃ তৃতীয় দিন অৰ্থাৎ বুধবাৰে গোলাঘাটৰ প্ৰতিখন চাহ বাগিচাত অব্যাহত আছে প্ৰতিবাদ । চাহ বাগিচা কৰ্মচাৰী সংঘই নতুন দৰমহা নীতি প্ৰৱৰ্তনৰ দাবীৰে অব্যাহত ৰখা প্ৰতিবাদৰ বুধবাৰে সামৰণি পৰে । গোলাঘাটৰ শালমৰা চাহ বাগিচা, বৰকাঠনী চাহ বাগিচা, খুমটাই, গৰংগা আদি চাহ বাগিচাত বুধবাৰে তৃতীয় দিনৰ বাবে অব্যাহত আছে কৰ্মচাৰী সংঘৰ প্ৰতিবাদ । বাগিচাৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি মালিক পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
তৃতীয় দিনৰ বাবেও গোলাঘাটত অব্যাহত প্ৰতিবাদ - নতুন দৰমহা নীতি
নতুন দৰমহা নীতি প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি মালিক পক্ষই প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ বাগিচা কৰ্মচাৰী সংঘৰ । অসমত চাহ উদ্যোগৰ সংকটৰ সময় বুলি মালিক পক্ষই মিছা প্ৰচাৰ চলোৱাৰ অভিযোগ কৰ্মচাৰী সংঘৰ
তৃতীয় দিনৰ বাবেও গোলাঘাটত প্ৰতিবাদ
নতুন দৰমহা নীতি প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি মালিক পক্ষই প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ বাগিচা কৰ্মচাৰী সংঘৰ । অসমত চাহ উদ্যোগৰ সংকটৰ সময় বুলি মালিক পক্ষই মিছা প্ৰচাৰ চলোৱাৰ অভিযোগ কৰ্মচাৰী সংঘৰ । পূৰ্বৰ দৰে দ্বি-পাক্ষিক চুক্তিৰ জৰিয়তে দৰমহা বৃদ্ধি কৰি চাহ কৰ্মচাৰী সকলক উচিত প্ৰাপ্য প্ৰদান কৰাৰ দাবী অসম চাহ কৰ্মচাৰী সংঘৰ ।