অসম

assam

ETV Bharat / state

গোলাঘাট পৌৰসভা কাৰ্যালয়ত প্ৰতিবাদ

গোলাঘাট পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ শ্ৰীমন্ত নগৰৰ ৰাইজে সোমবাৰে ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰি তুলে গোলাঘাট পৌৰসভা কাৰ্যালয় । অঞ্চলটোৰ পথৰ দুৰৱস্থাই ৰাইজক বহু দিন ধৰি হাৰাশাস্তি কৰি আহিছে ।

By

Published : Mar 18, 2019, 9:30 PM IST

GOLAGHAT MUNICIPAL BOARD

নিউজ ডেস্ক, ১৮ মাৰ্চ: সোমবাৰে গোলাঘাট পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ ৰাইজে পৌৰসভা কাৰ্যালয় ঘেৰাও কৰি ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰি তুলিলে কাৰ্যালয়টো । ৫ নং ৱাৰ্ডৰ শ্ৰীমন্ত নগৰৰ পথৰ দুৰৱস্থাই ৰাইজক বহু দিন ধৰি জ্বলাকলা খুৱাই আহিছে । এবছৰ পূৰ্বে পথটো নিৰ্মাণৰ বাবে প্ৰায় পাঁচ লাখ টকা আৱণ্টন হৈছিল যদিও আজি পৰ্যন্ত হৈ নুঠিল পথছোৱাৰ কাম । ৰাইজৰ প্ৰতিবাদতহে সম্বিৎ ঘূৰাই পোৱা উপ পৌৰপতি গৰাকীয়ে ঠিকাদাৰক ফোনযোগে ধমক দি পথ নিৰ্মানৰ খবৰ লয় ।

GOLAGHAT MUNICIPAL BOARD

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি গোলাঘাট পৌৰসভাৰ অৱহেলা আৰু ঠিকাদাৰৰ মইমতালিৰ বাবে পথছোৱা খৰালি দিনতো হৈ নুঠিল । বাৰিষাত এজাক বৰষুণতে বানপানী সৃষ্টি হোৱাৰো আশংকা কৰিছে অঞ্চলটোৰ ৰাইজে কাৰণ পথ বনোৱাৰ নামত মাটি পেলাই পূৰ্বৰ নলা নৰ্দমা পুতি পেলাইছে ঠিকাদাৰে । উত্তেজিত ৰাইজক উপ পৌৰপতি গৰাকীয়ে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত পৰিস্থিতি শাম কাটে।

ABOUT THE AUTHOR

...view details