গোলাঘাট,19 অক্টোবৰঃঐতিহাসিক অসম আন্দোলনৰ ফলস্বৰূপে অসম চুক্তিৰ আধাৰত অসমত প্ৰতিষ্ঠা হৈছিল নুমলীগড় তেল শোধনাগাৰ ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে BPCLক বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ পিচতে অস্তিত্ব সংকটত পৰিছে শোধনাগাৰটোৰ ৷ BPCL 62 শতাংশ অংশীদাৰিত্ব থকা প্ৰতিষ্ঠানটোৰ ভৱিষ্যতক লৈ বিগত দিনসমূহত গোলাঘাট জিলাত সাব্যস্ত হৈছে তুমূল প্ৰতিবাদ ৷
NRLক লৈ প্ৰতিবাদত উত্তাল গোলাঘাট লগতে পঢ়কঃ নুমলীগড় তেল শোধনাগাৰ চৌহদত অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদ
BPCLক বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তই নুমলীগড় শোধনাগাৰৰ ৰাজহুৱা অংশীদাৰিত্বৰ প্ৰতি সৃষ্টি কৰিছে ভাবুকিৰ ৷ কিয়নো যদিহে BPCL বিক্ৰী হয় তেতিয়াহ'লে NRLত থকা 62 শতাংশ অংশীদাৰিত্বও যাব ব্যক্তিগত খণ্ডৰ হাতলৈ ৷ এনে অৱস্থাত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ লগতে তাত কৰ্মৰত বহুসংখ্যক ব্যক্তিৰ ভৱিষ্যতক লৈ এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে ৷
লগতে পঢ়কঃ প্ৰতিবাদৰ জুই নুমলীগড় শোধনাগাৰত
ইতিমধ্যে বিগত দিনবোৰত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক লৈ NRLৰ সন্মুখত তুমূল প্ৰতিবাদ সাব্যস্ত হৈছে ৷ শোধনাগাৰ চৌহদত ৰিফাইনেৰী টেংকাৰ সন্থাৰ প্ৰতিবাদ,নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন (AISF),অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ,বীৰ লাচিত সেনাকে ধৰি বহুকেইটা সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ বিভিন্ন সংগঠনৰ প্ৰতিবাদৰ পিচতেই বিগত 14 অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰও প্ৰেৰণ কৰিছিল ৷
লগতে পঢ়কঃ নুমলীগড় NRLৰ মুখ্যদ্বাৰত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
উল্লেখ্য যে,ঐতিহাসিক অসম চুক্তিৰ আধাৰত অসমত প্ৰতিষ্ঠা হোৱা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ অন্যতম হৈছে নুমলীগড় শোধনাগাৰ ৷ 855 গৰাকী শ্বহীদৰ কেঁচা তেজৰ ত্যাগৰ বিনিময়ত প্ৰতিষ্ঠা হোৱা শোধনাগাৰটোৰ 62 শতাংশ অংশীদাৰিত্ব আছে ভাৰত পেট্ৰ'লিয়াম কৰ্পৰেশ্যন লিমিটেড চমুকৈ BPCLৰ ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দেশৰ বহুসংখ্যক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ব্যক্তিগতকৰণ বাবে লোৱা সিদ্ধান্তত অন্তৰ্ভুক্ত হৈ আছে BPCL প্ৰতিষ্ঠানটো ৷
লগতে পঢ়কঃ জাগি উঠিছে বীৰ লাচিত সেনাঃ তেজ দিব,নিদিয়ে তেল
যদিহে BPCLক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰা হয় তেতিয়াহ'লে NRLৰ 62 শতাংশ অংশীদাৰিত্বও যাব ব্যক্তিগত খণ্ডৰ হাতলৈ ৷ এনে অৱস্থাত অসমৰ খিলঞ্জীয়া লোক তথা ঐতিহাসিক অসম চুক্তিৰ অৱমাননাৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে শোধনাগাৰটোৰ সন্মুখত বিগত দিনবোৰ ধাৰাবাহিকভাৱে সাব্যস্ত হৈ আছে প্ৰতিবাদ ৷
লগতে পঢ়কঃ NRLৰ ভৱিষ্যৎ সম্পৰ্কে কেন্দ্ৰলৈ পত্ৰ সোণোৱালৰ
শনিবাৰেও কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হয় ৷ গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট জিলা সংখ্যালঘু ছাত্ৰ সন্থাই ৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত শীঘ্ৰেই বাতিলৰ দাবীৰে সংগঠনটোৱে পালন কৰে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৷ নুমলীগড় শোধনাগাৰক কোনো কাৰণতে ব্যক্তিগতকৰণ অথবা বিক্ৰী কৰিবলৈ দিয়া নহ'ব বুলি সকীয়াই দিয়ে সংগঠনটোৱে ৷