গোলাঘাট,26 আগষ্ট:ৰাজ্যত অব্যাহত প্ৰতিবাদৰ ঢৌ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে আন কেইবাটাও দাবী উত্থাপন কৰি মঙলবাৰে চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাটৰ কেইবাটাও স্থানীয় দল-সংগঠনে ৷ জিলাখনৰ নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ তেলগৰমত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অন্যান্য একাংশ দল-সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 ৰ খচৰা বাতিলৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে । লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে কঁপাই তোলে ৰাজপথ ।
একাধিক দল সংগঠনৰ প্ৰতিবাদ উত্তাল গোলাঘাট - Protest
গোলাঘাটৰ কেইবাটাও স্থানীয় দল-সংগঠনে মঙলবাৰে চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 ৰ খচৰা বাতিলৰ দাবীৰে মানৱ শৃংখল কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ ।

বিভিন্ন দাবীৰে চৰকাৰ বিৰোধী প্ৰতিবাদ