গোলাঘাট, 17 অক্টোবৰঃ গোলাঘাট জিলাৰ নুমলীগড় তেল শোধনাগাৰ বিক্ৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ,উত্তাল হৈ আছে নুমলীগড় ৷ বৃহস্পতিবাৰেও তীব্ৰ প্ৰতিবাদেৰে শোধনাগাৰৰ সমুখ কঁপাই তুলিলে বীৰ লাচিত সেনাই ৷ গামোছাৰ ওপৰত নিজৰ হাত কাটি তেজ বোৱাই তেল শোধনাগাৰ বিক্ৰী কৰিবলৈ নিদিয়াৰ শপত ল'লে সংগঠনটোৰ শতাধিক সদস্যই ৷ ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্থাপন হোৱা তেল শোধনাগাৰটোৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া বন্ধ নকৰিলে অনাগত সময়ত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷
জাগি উঠিছে বীৰ লাচিত সেনাঃ তেজ দিব,নিদিয়ে তেল
তেল শোধনাগাৰ বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ ৷ গামোছাৰ ওপৰত নিজৰ হাত কাটি তেজ বোৱাই তেল শোধনাগাৰ বিক্ৰী কৰিবলৈ নিদিয়াৰ শপত ল'লে বীৰ লাচিত সেনাই ৷
নিজৰ হাত কাটি তেল শোধনাগাৰ বিক্ৰী কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লাচিত সেনাৰ