গোলাঘাট, 7 এপ্ৰিল : মঙলবাৰে গোলাঘাটত জিলা উপায়ুক্তৰ নিৰ্দেশত প্ৰশাসনে চুতীয়া ছাত্ৰ সন্থা আৰু মটৰ শ্ৰমিক ইউনিয়নৰ দুটা কাৰ্যালয় উচ্ছেদ কৰাৰ পাচতে প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ চহৰখন ৷ সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় সাধনী ভৱন আৰু গোলাঘাট জিলা মটৰ শ্ৰমিক ইউনিয়নৰ মুখ্য কাৰ্যালয় সতীৰ্থ ভৱন উচ্ছেদৰ বিৰুদ্ধে ৰদালী পইণ্টৰ গান্ধী প্ৰতিমূৰ্তিৰ তলত সংগঠন দুটাৰ নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীক তীব্ৰ ভাষাৰে সমালোচনা কৰে সংগঠনৰ কৰ্মী সকলে ৷
সংগঠন দুটাই অতি শীঘ্ৰে উচ্ছেদ কৰা ভূমিত জিলা প্ৰশাসনক পুনৰ কাৰ্যালয় স্থাপনৰ নিৰ্দেশ প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা সহস্ৰাধিক ৰাইজক লগত লৈ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে সমগ্ৰ গোলাঘাট জিলা অচল কৰি তোলাৰো হুংকাৰ প্ৰদান কৰে ৷