অসম

assam

ETV Bharat / state

গান্ধী মৈদানত অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থ মঞ্চৰ প্ৰতিবাদ - গোলাঘাটত নাগৰিকত্ব সংশোধনী আইন 2019ৰ প্ৰতিবাদ

গোলাঘাটত নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ । মঙলবাৰে গোলাঘাটৰ গান্ধী মৈদানত অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থ মঞ্চৰ গোলাঘাট সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

Protest Against CAA 2019, Gandhi Maidan Golaghat Protest, সংগ্ৰামী সতীৰ্থ মঞ্চৰ প্ৰতিবাদ, গোলাঘাটত নাগৰিকত্ব সংশোধনী আইন 2019ৰ প্ৰতিবাদ, অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থ মঞ্চৰ প্ৰতিবাদ
অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থ মঞ্চৰ প্ৰতিবাদ

By

Published : Dec 24, 2019, 6:32 PM IST

গোলাঘাট, 24 ডিচেম্বৰঃৰাজ্যত এতিয়াও অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন, 2019ৰ বিৰুদ্ধে প্ৰতিবাদ ৷ দেশৰ বিভিন্ন প্ৰান্তকে ধৰি ৰাজ্যত এতিয়াও চলি আছে নাগৰিকত্ব সংশোধনী আইন, 2019ৰ বিৰুদ্ধে প্ৰতিবাদ ৷

অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থ মঞ্চৰ প্ৰতিবাদ

মঙলবাৰে গোলাঘাটত প্ৰতিবাদত নামি পৰে অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থ মঞ্চৰ প্ৰতিবাদকাৰীসকলে ৷ গোলাঘাটৰ গান্ধী মৈদানত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি নাগৰিকত্ব সংশোধনী আইন, 2019 বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে এইসকল প্ৰতিবাদকাৰীয়ে ৷ 5ঘন্টীয়া অনশন কাৰ্যসূচীৰে সাব্যস্ত কৰা এই প্ৰতিবাদত চৰকাৰক জনসাধাৰণৰ আবেগক লৈ নেখেলিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ৷ অতি শীঘ্ৰেই এই আইন বাতিল কৰিবলৈ আহ্বান জনাই চৰকাৰৰ গাদীৰ পৰা নমাবলৈ বেছি সময় নালাগিব বুলি সকীয়নী প্ৰদান কৰে, প্ৰতিবাদকাৰীসকলে ৷

ABOUT THE AUTHOR

...view details