গোলাঘাট,10 মে’ঃ গোলাঘাটত দেওবাৰে উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰা ৷ মন্ত্ৰী গৰাকীয়ে জিলাখনৰ আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰে ৷ মন্ত্ৰীগৰাকীয়ে সংবাদমেলখনৰ জৰিয়তে ৰাজ্যত গাহৰিৰ অভাৱনীয়ভাৱে হোৱা মৃত্যুৰ কাৰণ আফ্ৰিকান ছোৱাইন ফিভাৰ বুলি প্ৰমাণিত হোৱাৰ প্ৰকাশ কৰে ৷ দেশৰ ভিতৰতে প্ৰথমে অসম আৰু অৰুণাচলত দেখা দিছে এই বেমাৰে । এই ৰোগবিধ Covid 19 ৰ দৰে হোৱাৰ সমান্তৰালকৈ কোনো প্ৰতিষেধক নাই ৷
2019 গণনা অনুসৰি অসমত গাহৰিৰ সংখ্যা প্ৰায় 21 লাখ ৷ বৰ্তমান 30 লাখৰো অধিক ঘৰচীয়া গাহৰি আছে অসমত । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে প্ৰায় 15 হাজাৰৰো অধিক বনৰীয়া গাহৰিয়ে বাস কৰে । যাৰ বাবে অভয়াৰণ্যসমূহৰ প্ৰায় 50 হাজাৰ বনৰীয়া গাহৰিৰ মাজত যাতে এই ৰোগ সংক্ৰামিত নহয়,তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে । উল্লেখ্য যে, গাহৰিৰ পৰা এই ৰোগ মানুহলৈ সংক্ৰমিত নহয় । পোনতে চীনৰ জিং জিয়ানত আৰম্ভ হৈছিল এই বেমাৰ । ৰাজ্যৰ জোনাইত প্ৰথম ধৰা পৰে ৰোগবিধ । চীনৰ পৰা অহা এই বীজাণু আঢ়ৈ বছৰ ধৰি সক্ৰিয় হৈ থাকে । সম্প্ৰতি ৰাজ্যত গাহৰিৰ মাংস বিক্ৰীৰ লগতে ভক্ষণত বাধা আৰোপ কৰিছে চৰকাৰে । এই ৰোগ সংক্ৰমিত এলেকাৰ এক কিল’মিটাৰৰ ভিতৰত কনটেইণ্টমেন জ’ন ঘোষণা কৰিছে প্ৰশাসনে । অসমত 13,382 টা গাহৰিৰ এই ৰোগত ইতিমধ্যে মৃত্যু হৈছে । লগতে পশুপালকসকলৰ বাবে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিছে চৰকাৰে । তদুপৰি অসমৰ গাহৰি বাহিৰলৈ অনা-নিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে ।