অসম

assam

ETV Bharat / state

চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব অসম চৰকাৰঃ অতুল বৰা

শনিবাৰে আবেলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হয় এটা গঁড়ৰ মৃতদেহ । গঁড় হত্যাৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি দেওবাৰে এক সংবাদমেলযোগে সদৰি কৰে মন্ত্ৰী অতুল বৰাই ।

চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব অসম চৰকাৰঃ অতুল বৰা
চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব অসম চৰকাৰঃ অতুল বৰা

By

Published : May 10, 2020, 10:02 PM IST

গোলাঘাট, 10 মে':দেওবাৰে গোলাঘাট আৱৰ্ত ভৱনত এখন সংবাদ মেল সম্বোধন কৰে কৃষি আৰু পশু পালন মন্ত্ৰী অতুল বৰাই । সংবাদমেলত গড় হত্যাৰ বিৰুদ্ধে অসম চৰকাৰ কঠোৰ হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে, শনিবাৰে আবেলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছিল চোৰাং চিকাৰীয়ে হত্যা কৰা এটা গঁড় । কাজিৰঙাৰ অগৰাতলি ৰেঞ্জৰ সমীপৰ দুৱামাৰি বিলত উদ্ধাৰ হৈছিল গঁড়টোৰ মৃতদেহ ।

চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব অসম চৰকাৰঃ অতুল বৰা

মৃত গঁড়টোৰ খৰ্গ নথকা দেখি চোৰাং চিকাৰীয়ে গঁড়টোক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে । জানিব পৰা মতে, তিনিদিন পূৰ্বে হত্যা কৰাৰ হৈছিল গঁড়টো । মন্ত্ৰী অতুল বৰাই এই সন্দৰ্ভত ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হৈছে । মন্ত্ৰী অতুল বৰাই সংবাদ মেলত উল্লেখ কৰা অনুসৰি, কিছু দিন পূৰ্বৰে পৰা কাৰ্বি পাহাৰত AK47 বন্দুক লৈ অচিনাক্ত লোক চলা-ফুৰা কৰাৰ সম্ভেদ লাভ কৰিছিল প্ৰশাসনে । কিন্তু এই ক্ষেত্ৰত প্ৰশাসনে কৰ'ণা ভাইৰাছৰ ব্যস্ততাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে । মুখ্যমন্ত্ৰীকো এই বিষয়ে অৱগত কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই ।

লগতে পঢ়কঃআফ্ৰিকান ছোৱাইন ফিভাৰত ৰাজ্যত মৃত্যু 13,382 টা গাহৰিৰঃ শাক-পাচলি, ফলমূলৰ বজাৰত ক্ষতি হৈছে 40.08 কোটি টকা

ABOUT THE AUTHOR

...view details