অসম

assam

গোলাঘাট নাৰ্চিং হোমৰ বিৰুদ্ধে স্বাস্থ্য বিভাগৰ সংবাদ মেল

By

Published : Aug 3, 2020, 8:53 PM IST

গোলাঘাট নাৰ্চিং হোমৰ 30 গৰাকীতকৈয়ে অধিক কৰ্মচাৰী জণ্ডিচ সদৃশ ৰোগত আক্ৰান্ত হোৱাৰ লগতে, এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ঘটনাক লৈ সোমবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰে গোলাঘাট জিলা স্বাস্থ্য় বিভাগৰ বিষয়াসকলে ৷

গোলাঘাট নাৰ্চিং হোমগোলাঘাট নাৰ্চিং হোম
গোলাঘাট নাৰ্চিং হোম

গোলাঘাট, 3 আগষ্ট: এফালে কৰ'ণাৰ সংক্ৰমণ তাৰ মাজতে গোলাঘাট জিলাৰ গোলাঘাট নাৰ্চিং হোমৰ 30 গৰাকীতকৈয়ে অধিক কৰ্মচাৰী জণ্ডিচ সদৃশ ৰোগত আক্ৰান্ত হোৱাৰ লগতে, এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ঘটনাক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ নাৰ্চি হোম কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালৰ লোকে ৷ নাৰ্চিং হোমখনৰ কেইবাগৰাকীও কৰ্মচাৰীৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱাৰ পাচতে, আন কৰ্মচাৰী সকলৰো স্বাস্থ্য পৰীক্ষা কৰি নাৰ্চিং হোম খনত কোৱাৰেণ্টাইনৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল ৷ কিন্তু কোৱাৰেণ্টাইনৰ সময়ত প্ৰশাসনৰ দ্বাৰা যোগান ধৰা খাদ্য নতুবা ছেনিটাইজেশ্যন কৰাৰ সময়ত খোৱা পানীত ছ'ডিয়াম হাইড্ৰ'ক্লৰাইড সংমিশ্ৰণ হোৱাৰ ফলত নাৰ্চিং হোমখনত এনে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰিছে একাংশই ৷ এই বিষয়ত স্বাস্থ্য বিভাগে এক বিভাগীয় তদন্ত ঘোষণা কৰাৰ পাচতে সোমবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰা হয় ৷

গোলাঘাট নাৰ্চিং হোমৰ বিৰুদ্ধে স্বাস্থ্য বিভাগৰ সংবাদ মেল

গোলাঘাট যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত হয় সংবাদমেল খন ৷ সংবাদমেলত গোলাঘাট স্বাস্থ্য বিভাগৰ বিষয়া সকলে কয়, গোলাঘাট নাৰ্চিং হোম কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই সংঘটিত হৈছে এই ঘটনা ৷ স্বাস্থ্য বিভাগে নাৰ্চিং হোম খনৰ স্বত্বাধিকাৰী ডাঃ চন্দন বৰঠাকুৰৰ অভিযোগক নসাৎ কৰি কয় যে, খাদ্য নতুবা ছেনিটাইজেশ্যনৰ ফলত এনে ধৰণৰ ঘটনা সংঘটিত হোৱা নাই ৷ এই ৰোগ পানী নতুবা কেঁচা খাদ্যৰ পৰাহে হয় ৷ কোৱাৰেণ্টাইনৰ সময়ত প্ৰশাসনে যোগান ধৰিছিল বটলৰ পানী ৷ আনহাতে নাৰ্চিং হোম কৰ্তৃপক্ষই সংবাদ মাধ্যমক ৩০ জন লোক আক্ৰান্ত হোৱা বুলি কোৱাৰ বিপৰীতে স্বাস্থ্য বিভাগক ১৮ জন লোকৰহে এনে ৰোগ হোৱা বুলি জানিবলৈ দিছে ৷ স্বত্বধিকাৰী গৰাকীয়ে আক্ৰান্তৰ প্ৰকৃত তথ্য লুকুৱাবলৈ চেষ্টা কৰিছে বুলি বিষয়া সকলে উল্লেখ কৰে সংবাদমেলযোগে ৷ নাৰ্চিং হোমৰ খোৱা পানীৰ ব্যৱস্থাপনাৰ বাবেই হেপাটাইটিছ এ ৰোগত লোকসকল আক্ৰান্ত হৈছে ৷ স্বাস্থ্য বিভাগৰ প্ৰাৰম্ভিক তদন্তৰ পাচতে পোহৰলৈ আহিছে এই কথা ৷ বৰ্তমান স্বাস্থ্য বিভাগে নাৰ্চিং হোম খনৰ খোৱা পানীৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে, নাৰ্চিং হোম খনে চিকিৎসা নীতিক উলংঘা কৰিছে । গোলাঘাট জিলা ৰোগ সংক্ৰমণ প্ৰতিৰোধ বিভাগক এই বিষয়ে অৱগত কৰিব লাগে যদিও, আজি পৰ্যন্ত জনোৱা নাই । চিকিৎসালয় খনৰ স্বতাধিকাৰী ডাঃ চন্দন বৰঠাকুৰৰ বিৰূদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত এক গোচৰ ৰুজু কৰা হ'ব বুলি সংবাদ মেলযোগে জানিবলৈ দিয়ে স্বাস্থ্য বিষয়া সকলে ৷ সংবাদমেলত উপস্থিত থাকে জিলা স্বাস্থ্য বিষয়া ডাঃ সৌৰভ গগৈ, সহকাৰী আয়ুক্ত পাপু গগৈৰ লগতে, কেইবাগৰাকীও উচ্চপদস্থ স্বাস্থ্য বিষয়া ।

দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত নাৰ্চিং হোমখনৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ

লগতে পঢ়ক:জণ্ডিচ আৰু যকৃতজনিত ৰোগত আক্ৰান্ত গোলাঘাট নাৰ্চিং হোমৰ বহু কৰ্মচাৰী

ABOUT THE AUTHOR

...view details