নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰী:আজি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈছে (President Kovind reaches Kaziranga national park ) । তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণৰ বাবে অহা ৰাষ্ট্ৰপতিগৰাকী (President Kovind's Assam visit) তেওঁৰ পত্নী আৰু কন্যাৰ সৈতে উপস্থিত হৈছে কাজিৰঙাত ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অন্যান্যসকলে তেখেতক এই যাত্ৰাৰ বাবে আদৰণি জনায়।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণৰ বাবে অহা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈছে (President Kovind reaches Kaziranga national park ) । জানো আহক কি কি থাকিব ৰাষ্ট্ৰপতি গৰাকীৰ সময়সূচীত ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ
জানিব পৰা মতে, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰীৰ বাবেও যোৱাৰ কথা আছে (president Kovind to enjoy jeep safari in Kaziranga) ৷ ইয়াৰোপৰি উদ্যানখনৰ এটা ৰিজৰ্টতে তেখেতে শনিবাৰৰ নিশাটো কটাব । জানিব পৰা মতে, দেওবাৰে ৰাতিপুৱা পুনৰ নতুন দিল্লীলৈ ৰাওনা হোৱাৰ আগতে ৰাষ্ট্ৰপতি গৰাকীয়ে উদ্যানখনত হাতী চাফাৰীলৈ যোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক :President's Assam visit: এদিনৰ বাবে সলনি হৈ পৰিল উজনি-নামনিৰ যাত্ৰাপথ