অসম

assam

ETV Bharat / state

সংবিধানৰ নীতিসমূহ সঠিককৈ পালন কৰিলেই জনগণ উপকৃত হ’ব : উৎপল দলে - Pre Constitution Day Celebration in Bokakhat

আজি সংবিধান দিৱস ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে সংবিধান দিৱস ৷ আনহাতে, শনিবাৰে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত পালন কৰা হয় প্ৰাক-সংবিধান দিৱস ৷

Pre Constitution Day Celebration in Bokakha
আজি সংবিধান দিৱস

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 8:09 AM IST

Updated : Nov 26, 2023, 9:55 AM IST

কাজিৰঙা, 26 নৱেম্বৰ : আজি সংবিধান দিৱস ৷ 1949 চনৰ 26 নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে ভাৰতীয় সংবিধান সভাই ভাৰতীয় সংবিধান গৃহীত কৰিছিল ৷ 1950 চনৰ 26 জানুৱাৰীত আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল ৷ সেয়ে 2015 চনৰ পৰা আজিৰ দিনটো সংবিধান দিৱস বা ৰাষ্ট্ৰীয় আইন দিৱস হিচাপেও পালন কৰি আহিছে ৷

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে সংবিধান দিৱস ৷ আনহাতে, সংবিধান দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে প্ৰাক-সংবিধান দিৱস পালন কৰা হয় বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত ৷ উক্ত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া উৎপল দলে ৷

সভাত অংশগ্ৰহণ কৰি দলেয়ে কয় যে, সংবিধানৰ নিৰ্দেশনসমূহ মানি চলাটো চৰকাৰীয়েই হওঁক অথবা বেচৰকাৰীয়েই হওঁক প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব আছে ৷ কাৰণ সংবিধানেহে দেশৰ জনগণক মৰ্যাদাসম্পন্ন জীৱন দিব পাৰে ৷ তেওঁ কয়, ‘‘সংবিধান সংশোধনীৰ জৰিয়তে মৌলিক কৰ্তব্যসমূহ সংবিধানত উল্লেখ কৰি নাগৰিকৰ দায়িত্ববোধ সজাগ কৰি তুলিছে ৷ সংবিধানৰ নীতিসমূহ সঠিককৈ পালন কৰি গ’লেই জনগণ উপকৃত হোৱাৰ লগতে দেশ দোপত-দোপে আগবাঢ়ি যাব’’ ৷

আনহাতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে কয় যে, বৃহত্তৰ গণতন্ত্ৰৰ দেশ ভাৰতৰ সংবিধানত উল্লেখ থকা ভাতৃত্ববোধৰ চানেকি সমগ্ৰ বিশ্বতে বিৰল ৷ সম্প্ৰতি আন আন দেশেও ভাৰতৰ সংবিধানখন বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সংবিধান বুলি স্বীকৃতি দিবলৈ বাধ্য হৈছে ৷
উক্ত সভাৰ আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° জয়ন্ত দাসে কয় যে, ভাৰতবৰ্ষৰ সংবিধান প্ৰদত্ত বিষয়বোৰক অপ্ৰাসংগিক কৰি বহু সময়ত কৰা কামবোৰক সঠিকভাৱে আগুৱাই নিলেই সংবিধান সুৰক্ষিত হ’ব ৷ সমতাৰ অধিকাৰ প্ৰতি মুহূৰ্তত সঠিকভাৱে জনগণে লাভ কৰিলেই সামাজিকভাৱে ন্যাৰ্যতা লাভ কৰিব ৷ যিয়ে দেশৰ প্ৰতি জনগণক অধিক দায়বদ্ধ কৰি তুলিব বুলি উল্লেখ কৰে দাসে ৷

লগতে পঢ়ক :বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত

Last Updated : Nov 26, 2023, 9:55 AM IST

ABOUT THE AUTHOR

...view details