গোলাঘাট, 2 ডিচেম্বৰঃ ডিচেম্বৰ মাহৰ প্ৰথম দিনটোৰ পৰাই যীশুক আদৰাৰ পৰ্ব আৰম্ভ হ’ল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত ৷ দেওবাৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে প্ৰাক বৰদিন ৷ প্ৰাক বৰদিনৰ এই দিনটোত প্ৰভু যীশুৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ পৰে গীৰ্জাসমূহ ৷ গোলাঘাট জিলাৰ খুমটাইৰ ১নং বুটলিখোৱাতো খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লোকসকলে পালন কৰে প্ৰাক বৰদিন ৷ খুমটাইৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ডিচেম্বৰ মাহৰ প্ৰথম নিশা হাতে হাতে মমবাতি লৈ প্ৰভু যীশুৰ জয় বন্দনাৰে সকলোৰে কাষলৈ যায় ৷ গীৰ্জাঘৰত প্ৰাৰ্থনাৰ পিছতেই যুৱক-যুৱতীসকলে বিভিন্ন কেৰল গাই পৰিৱেশ মুখৰিত কৰি তোলে ৷ বিশ্বৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ নাশ হোৱাৰ লগতে হত্যা-হিংসা নাশৰ বাবে যীশুৰ আগত প্ৰাৰ্থনা আগবঢ়োৱা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ভক্তসকলে ৷
দেওবাৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে প্ৰাক বৰদিন - খ্ৰীষ্টান ধৰ্মাৱলম্বী
দেওবাৰে গোলাঘাট জিলাৰ খুমটাইৰ ১নং বুটলিখোৱাত খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লোকসকলে পালন কৰে প্ৰাক বৰদিন ৷ গীৰ্জাঘৰত প্ৰাৰ্থনাৰ পিছতেই যুৱক-যুৱতীসকলে বিভিন্ন কেৰল গাই পৰিৱেশ মুখৰিত কৰি তোলে ৷
দেওবাৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে প্ৰাক বৰদিন