অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সাধাৰণ জনতাক হাৰাশাস্তি পৌৰসভাৰ! - প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সাধাৰণ জনতাক হাৰাশাস্তি

প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত সাধাৰণ জনতাক হাৰাশাস্তি । দুবছৰৰ পূৰ্বে হিতাধিকাৰ নিৰ্বাচিত হৈও লাভ নকৰিলে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ। বৰঞ্চ কমিছনৰ অংকত ফাইল হেৰাই যোৱাৰ গইনা লৈ সাধাৰণ হিতাধিকাৰীক হাৰাশাস্তি গোলাঘাট পৌৰসভাৰ।

সাধাৰণ জনতাক হাৰাশাস্তি পৌৰসভাৰ
সাধাৰণ জনতাক হাৰাশাস্তি পৌৰসভাৰ

By

Published : Feb 15, 2020, 4:07 PM IST

গোলাঘাট, 15 ফেব্ৰুৱাৰীঃ দুৰ্নীতিমুক্ত আৰু পৰিৱৰ্তনৰ কথা কৈ গঠন হোৱা বিজেপি চৰকাৰৰ কাৰ্যকালত সমস্য়াৰ শেষ নাইকিয়া হৈছে গোলাঘাটবাসীৰ। একমাত্ৰ উৎকোচ নিদিয়াৰ বাবেই জিলাখন লোকে লাভ কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ। এই অভিযোগ গোলাঘাট পৌৰসভা বিৰুদ্ধে।

সাধাৰণ জনতাক হাৰাশাস্তি পৌৰসভাৰ

গোলাঘাট শ্ৰীমন্ত নগৰৰ ৫নং ৱাৰ্ডৰ পুতলি বৰাই২০১৭ চনতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বাবে আবেদন কৰিছিল । ২০১৮ চনত আৱাস গৃহৰ বাবে হিতাধিকাৰী নিৰ্বাচিত হৈও আজি পৰ্যন্ত লাভ নকৰিলে এটা গৃহ । গোলাঘাট পৌৰসভাৰ বহুতো ওজৰ আপত্তিৰ বাবে ২০১৯ চনতে পুতলি বৰাৰ পৰিয়ালে যোগাযোগ কৰিছিল প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সৈতে। ২০১৯ চনত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে পৰিয়ালটোৰ লগত ফোনৰ দ্বাৰা যোগাযোগ কৰি বিষয়টোৰ বুজ লোৱাৰ পাছতে পুতলি বৰাৰ গৃহলৈ পৌৰসভা কৰ্মচাৰী আহি গৃহটো অতি শীঘ্ৰে লাভ কৰিব বুলি জনাই ৷ যদিও গোলাঘাট পৌৰসভাৰ একাংশ বিষয়া কৰ্মচাৰীয়ে পুতলি বৰাক পুনৰ আবেদন কৰিবলৈ পৰামৰ্শ দিয়ে।

পৰিয়ালটোৰ অভিযোগ,কমিচনৰ অংকৰ বাবেই এনেদৰে পৰিয়ালটোক হাৰাশাস্তি দিছে গোলাঘাট পৌৰসভা একাংশ কৰ্মচাৰী আৰু বিষয়-ববীয়াই। প্ৰধানমন্ত্ৰী আৱাস গৃহৰ বাবে দুবছৰ ধৰি গোলাঘাট পৌৰসভাৰ কাৰ্যালয় লৈ বাট লৈ ভাগৰি পৰিছে পৰিয়ালটো। প্ৰশ্ন হয়,দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনে এই বিষয়ত গুৰুত্ব প্ৰদান কৰিব নে ? নে মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰী কাৰ্যালয় লৈ কেৰেপ নকৰা গোলাঘাট পৌৰসভাই পুতলি বৰাৰ দৰে আন হিতাধিকাৰীকো হাৰাশাস্তি কৰিবলৈ পথ মুকলি কৰি দিব চৰকাৰে।
লগতে পঢ়কঃবৰপেটা হাউলীত হোলীগীতৰ কৰ্মশালাঃ অংশ ল'লে শিশু,কিশোৰ আৰু মহিলাই


ABOUT THE AUTHOR

...view details