গোলাঘাট, 3 চেপ্তেম্বৰ:বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই বৃহস্পতিবাৰে গোলাঘাট জিলাৰ কমাৰগাঁৱৰ 100 গৰাকী কৃষকৰ মাজত বিতৰণ কৰিলে পাৱাৰ টিলাৰ ৷ ১০০ গৰাকী কৃষকৰ মাজত ৰেহাই মূল্যত মন্ত্ৰী গৰাকীয়ে বিতৰণ কৰিলে চৰকাৰী পাৱাৰ টিলাৰ ৷ কমাৰগাঁও মহুৰা হাইস্কুলৰ প্ৰাংগণত অনুষ্ঠিত হোৱা পাৱাৰ টিলাৰ বিতৰণ অনুষ্ঠানৰ আঁত ধৰে যুৱ সমাজকর্মী দেবেন্দ্ৰ বৰুকিয়ালে ৷ কৃষি বিভাগৰ উদ্যোগত আয়োজিত পাৱাৰ টিলাৰ বিতৰণ অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে বোকাখাতৰ সমাজকৰ্মী জগত চন্দ্ৰ কলিতাই ৷
গোলাঘাটৰ কমাৰগাঁৱত ১০০ গৰাকী কৃষকক বিতৰণ চৰকাৰী পাৱাৰ টিলাৰ - power tiller
গোলাঘাট জিলাৰ কমাৰগাঁৱৰ 100 গৰাকী কৃষকৰ মাজত বৃহস্পতিবাৰে বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই বিতৰণ কৰে চৰকাৰী পাৱাৰ টিলাৰ ৷

পাৱাৰ টিলাৰ বিতৰণ
গোলাঘাটৰ কমাৰগাঁৱত ১০০ গৰাকী কৃষকৰ মাজত চৰকাৰী পাৱাৰ টিলাৰ বিতৰণ
উল্লেখ্য যে, বৃহস্পতিবাৰে আয়োজিত এই অনুস্থানটিত অসম চৰকাৰৰ অনুসূচীত জনজাতি আৰু অন্যান্য পিছ পৰা জাতি উন্নয়ন ব'ৰ্ডৰ আঁচনিৰ যোগেদি প্ৰদান কৰা হয় ৮৫ শতাংশ ৰেহাই মূল্যৰ ১০০ খন পাৱাৰ টিলাৰ ৷ বোকাখাট বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ৫০ গৰাকী অনুসূচীত জনজাতি আৰু আন ৫০ গৰাকী অন্যান্য পিছ পৰা জাতিৰ কৃষকে লাভ কৰে পাৱাৰ টিলাৰ সমূহ ৷ কৃষি মন্ত্ৰী গৰাকীৰ এনে উদ্যোগক বাৰুকৈয়ে শলাগ লৈছে হিতাধিকাৰী কৃষকসকলে ৷
লগতে পঢ়ক:আহোম জনগোষ্ঠীটোৰ জনজাতি বৈশিষ্ট্য নাইঃ কোনে ক'লে ?