অসম

assam

ETV Bharat / state

দলগাঁৱত গড়কাপ্তানী পথৰ দুৰৱস্থা - Dalgaon

ধাৰাসাৰ বৰষুণৰ ফলত দলগাঁৱৰ শ্যামপুৰত খহিব ধৰিছে গড়কাপ্তানী পথ। কানসাৰ নাই বিষয়া কৰ্মচাৰীৰ।

দলগাঁৱত গড়কাপ্তানী পথৰ দুৰৱস্থা

By

Published : Jun 15, 2019, 1:17 PM IST

দলগাঁও, ১৫ জুন : বিয়াগোম গড়কাপ্তানী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী অৱহেলাৰ বাবে চপৰা-চপৰে খহিছে দলগাঁৱৰ শ্যামপুৰ-খাৰুপেটীয়া সংযোগী গড়কাপ্তানী পথৰ দুয়োকাষৰ মাটি। ৩ নম্বৰ শ্যামপুৰ পকী দলং সংযোগী পথৰ দুয়োকাষৰ মাটি চপৰা চপৰে খহি যোৱাৰ পিছতো মেৰামতি কৰা নাই বিভাগটোৱে। যাৰ ফলত অতি বিপদসংকূলভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে স্থানীয় ৰাইজ।

দলগাঁৱত গড়কাপ্তানী পথৰ দুৰৱস্থা

পথছোৱাৰ নিৰ্মাণৰ ববে বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন-নিবেদন কৰিও সুফল পোৱা নাই স্থানীয় ৰাইজে। অচিৰেই পথছোৱা নিৰ্মাণ কৰিবলৈ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে অঞ্চলটোৰ ৰাইজে।

ABOUT THE AUTHOR

...view details