গোলাঘাট,15আগষ্টঃ গোলাঘাট নগৰৰ দৰিদ্ৰ আৰু ৰাজপথত জীৱন নিৰ্বাহ কৰা লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে দীপু গগৈ নামৰ এজন যুৱক। লক ডাউনৰ সময়ছোৱাৰ পৰাই আৰম্ভ কৰিছিল দৰিদ্ৰ লোক সকলক শনি আৰু দেওবাৰ দিনৰ ভাগত আহাৰ যোগান ধৰা কাৰ্যৰ ৷
ৰাজপথত জীৱন নিৰ্বাহ কৰাসকলৰ কাষত মানৱ দৰদী যুৱক - ৰাজপথত জীৱন নিৰ্বাহ কৰা
গোলাঘাট নগৰৰ দৰিদ্ৰ আৰু ৰাজপথত জীৱন নিৰ্বাহ কৰা লোকক আহাৰ যোগান ধৰি আহিছে দীপু গগৈ নামৰ এজন যুৱকে ৷
![ৰাজপথত জীৱন নিৰ্বাহ কৰাসকলৰ কাষত মানৱ দৰদী যুৱক poor pepole help golaghat boy dipu gogoi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8432484-837-8432484-1597496186080.jpg)
দৰিদ্ৰ আৰু ৰাজপথত জীৱন নিৰ্বাহ কৰা লোকক আহাৰৰ যোগান এজন যুৱকৰ
দৰিদ্ৰ আৰু ৰাজপথত জীৱন নিৰ্বাহ কৰা লোকক আহাৰৰ যোগান এজন যুৱকৰ
ইপিনে দীপুৰ এই চিন্তাধাৰাক সমৰ্থন জনাই বৰ্তমান ওলাই আহিছে তেওঁৰ বহুকেইজন সংগী। প্ৰত্যেক শনি আৰু দেওবাৰৰ দৰে শনিবাৰে 74 তম স্বাধীনতা দিৱসৰ দিনাও এসাঁজ খাবৰ বাবে চিন্তা কৰি থকা জনৰ ওচৰত ঠিয় হ'ল দীপু আৰু তেওঁৰ সতীৰ্থ। এখন ভেনৰ জৰিয়তে খাদ্য সামগ্ৰী লৈ নগৰৰ ভিন্ন স্থানত দৰিদ্ৰ লোক সকলসক আহাৰৰ যোগান ধৰি আহিছে দীপু গগৈয়ে ৷ উল্লেখযোগ্য যে, দীপু গগৈ এজন যোগসনৰ প্ৰশিক্ষক ৷ দীপুৰ এনে মহান কাৰ্যক সকলোৱে শলাগ লোৱা দেখা গৈছে ৷
লগতে পঢ়কঃঅসাধাৰণ স্মৃতি শক্তিৰে পৰিপূৰ্ণ এগৰাকী বিস্ময় বালক