বোকাখাত, 20 জুলাই : বোকাখাতত পৰিত্যক্ত অৱস্থাত আছে এখন চৰকাৰী মীন পাম । চৰণীয়া পথাৰলৈ পৰিণত হৈছে এতিয়া ৫২ বিঘা মাটিৰ বৃহৎ মীন পামখন । কিন্তু এইক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷
বোকাখাতৰ চৰকাৰী মীন পামৰ ৫২ বিঘা ভূমিৰ দুটা পুখুৰীৰ বাদে ১১ টা ফিচাৰীত নাই এটাও মাছ । হাবি-জংঘলৰ মাজত পৰি ৰৈছে পুখুৰীৰ অস্তিত্ব । এজন চকীদাৰ, এজন খণ্ড মীন বিষয়াৰে হাবি-জংঘলৰ মাজত পৰিত্যক্ত হৈ আছে মীন পামখন । প্ৰতিশ্ৰুতিৰ মাজতে আৱদ্ধ হৈ পৰি থাকিল NRL ৰ ফিচাৰী পাৰৰ "Walking Zone" টো ।
বিগত পাঁচ বছৰে সমষ্টি উন্নয়নত কিমান গুৰুত্ব দিলে বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই ?
বোকাখাত নগৰৰ গাতে লাগি থকা এখন বৃহৎ চৰকাৰী মীন পামৰ দৃশ্য উদঙাইছে এতিয়া সকলো তথ্য । কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ চৰকাৰী ভূমিৰ ৫২ বিঘা মাটিকালিৰ মীন পামখনত আছে ১৩ টা ফিচাৰী । এই ১৩ টা পুখুৰীৰ মাত্ৰ দুটা পুখুৰীৰ বাদে বাকী এটা পুখুৰীতো বৰ্তমান নাই মাছৰ পোনা ।
শেহতীয়াকৈ বোকাখাতৰ এই বৃহৎ মীন পামখনৰ নামত আছে এজন চকীদাৰ আৰু এজন খণ্ড মীন উন্নয়ন বিষয়া । একেদৰে মীন পামখনৰ আজিলৈকে নাই চাৰিবেৰ । যাৰ পৰিপ্ৰেক্ষিতত পামখনৰ ভূমি বেদখল হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
চৰকাৰী মীন পামত নাই জিৰনীয়া মাছ চৰকাৰৰ চূড়ান্ত অৱহেলা আৰু মীন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ হেমাহিৰ বাবে হাবি-জংঘলৰে আগুৰি ধৰা ফিচাৰীসমূহত দীৰ্ঘদিন ধৰি মেলা হোৱা নাই মাছৰ পোনা । মাছ উৎপাদনৰ উপৰিও সমষ্টিটোৰ মীনপালক সকলক কেন্দ্ৰটোত বিজ্ঞানসন্মত প্ৰশিক্ষণ প্ৰদানৰ থল আছিল ৷ কিন্তু এই বৃহৎ মাটিকালিৰ বিশাল মীন পামখনৰ প্ৰতি বোকাখাত সমষ্টিৰ বিধায়ক কৃষিমন্ত্ৰী অতুল বৰাই বিগত সময়ত গ্ৰহণ নকৰিলে কোনো পদক্ষেপ । এই অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে ৷
উল্লেখ্য যে, ২০১৯ চনৰ ১৪ নৱেম্বৰত মন্ত্ৰী অতুল বৰাই ৰাজ্যিক মীন সঞ্চালক, বোকাখাত মহকুমা প্ৰশাসন আৰু জিলা মীন বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত স্থানীয় ৰাইজৰ সন্মুখত মীন উৎপাদন কেন্দ্ৰটোলৈ বৃহৎ পুঁজি আৱণ্টনৰ প্ৰতিশ্ৰুতি দিয়াৰ উপৰিও ফিচাৰীসমূহৰ পাৰত নিৰ্মাণ কৰাৰ কথা দিছিল আটক ধুনীয়া "WALKING ZONE" ৰ । পিছে বিগত পাঁচ বছৰত কাৰ্যতঃ পূৰণ নকৰিলে এটাও প্ৰতিশ্ৰুতি । আনকি বোকাখাত বিধানসভা সমষ্টিটোত সহস্ৰাধিক বিল, জলাহ আৰু অনেক ক্ষুদ্ৰ মীনপালক থকাৰ পাচতো সমষ্টিটোত এটা মীন বিষয়াৰ কাৰ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰটো বিধায়ক অতুল বৰাই লোৱা দেখা নগ'ল কোনো পদক্ষেপ । নৱগঠিত চৰকাৰক এই বৃহৎ মীন পামখন কাৰ্যক্ষম কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ।
লগতে পঢ়ক:অসমৰ ভূমি দখলৰ বাবে মিজোৰামৰ নতুন ব্লুপ্ৰিণ্ট