অসম

assam

ETV Bharat / state

60 হাজাৰ লোকৰ বিপৰীতে এজন চিকিৎসক - আয়ুৰ্বেদিক বিভাগৰ চিকিৎসক

পূৰ্বতে চিকিৎসালয়খনত দুজন চিকিৎসক আছিল যদিও কিছুদিনৰ পূৰ্বে স্বাস্থ্য বিভাগে চিকিৎসালয়খনৰ মুৰব্বী চিকিৎসকজনৰ বদলি কৰে ৷  যাৰ ফলত মাত্ৰ এজন আয়ুৰ্বেদিক চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰি আহিছে ৷ চিকিৎসালয়খনত আছে মাত্ৰ দুগৰাকী নাৰ্ছ ৷ চিকিৎসালয়খনত নাই কোনো চতৰ্থ বৰ্গৰ কৰ্মচাৰী ৷

60 হাজাৰ ৰাইজৰ আশাৰ থল এজন আয়ুৰ্বেদিক চিকিৎসক

By

Published : Jul 10, 2019, 4:25 PM IST

গোলাঘাট, 10 জুলাইঃ যিসময়ত ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, তেনে সময়তে গোলাঘাট জিলাত 60 হাজাৰ ৰাইজৰ একমাত্ৰ সম্বল হৈ পৰিছে এজন আয়ুৰ্বেদিক চিকিৎসক ৷ গোলাঘাটৰ বৰপথাৰ অঞ্চলৰ মাজমজিয়াত অৱস্থিত ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খনেই অঞ্চলটোৰ ৬০ হেজাৰ লোকৰ আশা-ভৰসাৰ থল ৷ চিকিৎসালয়খনলৈ চিকিৎসাৰ বাবে দৈনিক আগমন ঘটে দুইৰ পৰা তিনি শতাধিক ৰোগীৰ ৷ কিন্তু চিকিৎসকৰ অভাৱত বহু ৰোগী বিনা চিকিৎসাৰে চিকিৎসালয়ৰ পৰা ঘূৰি যাবলগীয়া হয় ঘৰলৈ ৷

60 হাজাৰ ৰাইজৰ আশাৰ থল এজন আয়ুৰ্বেদিক চিকিৎসক

পূৰ্বতে চিকিৎসালয়খনত দুজন চিকিৎসক আছিল যদিও কিছুদিনৰ পূৰ্বে স্বাস্থ্য বিভাগে চিকিৎসালয়খনৰ মুৰব্বী চিকিৎসকজনৰ বদলি কৰে ৷ যাৰ ফলত মাত্ৰ এজন আয়ুৰ্বেদিক চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰি আহিছে ৷ চিকিৎসালয়খনত আছে মাত্ৰ দুগৰাকী নাৰ্ছ ৷ চিকিৎসালয়খনত নাই কোনো চতৰ্থ বৰ্গৰ কৰ্মচাৰী ৷ ইপিনে আন্তঃগাঁথনিৰ অভাৱৰ বাবেও ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷

ABOUT THE AUTHOR

...view details