গোলাঘাট, 31 জুলাই :জনসেৱাৰ্থে, জনহিতাৰ্থে ! আৰক্ষীৰ খাকী পোছাকত থকা মহা মূল্যৱান শব্দ কেইটাত কালিমা সানিছে স্বয়ং একাংশ আৰক্ষীয়ে । গোলাঘাটৰ দেৰগাঁৱত সংঘটিত হৈছে আইনৰ শপত লোৱা আৰক্ষীৰ দ্বাৰা আইন বিৰোধী কৰ্মকাণ্ড ।
তেল চুৰি চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবে আৰক্ষী ভাবুকি তেলচুৰি চক্ৰৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ গোলাঘাটৰ দেৰগাঁৱত আৰক্ষীৰ ভাবুকিৰ সন্মুখীন হ'ল চামিম আখতাৰ নামৰ এজন যুৱক । আৰক্ষীৰে সু-সম্পৰ্ক থকাৰ বাবেই ঘৰৰ ভিতৰতে হিন্দী চিনেমাৰ কায়দাৰে প্ৰৱেশ কৰি চাৰি তেল চোৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে পিতা-পুত্ৰক ।
তেল চুৰি চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবে আৰক্ষী ভাবুকি দেৰগাঁৱৰ চিতল পথাৰ অঞ্চলত দীৰ্ঘদিন ধৰি চলি আহিছে চোৰাং তেলৰ ব্যৱসায় । অভিযোগ মতে, আৰক্ষীক মেনেজ কৰি তেল চুৰি চক্ৰই চলাই আহিছে এই ব্যৱসায় ।
তেল চুৰি চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবে আৰক্ষী ভাবুকি তেল চুৰি চক্ৰৰ ভিডিঅ' কৰাৰ বাবে তেল মাফিয়া ছাইফুদ্দিন আহমেদ, চৰিফুদ্দিন আহমেদ, টফিকুৰ ৰহমান, আটিকুৰ ৰহমানে মাজনিশা ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ৰডেৰে মৰিয়াই আহত কৰে এজন যুৱকৰ লগতে পিতৃক ।
তেল চুৰি চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবে আৰক্ষী ভাবুকি আনহাতে তেল চুৰি চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবে দেৰগাঁও আৰক্ষীয়েও ভাবুকি দিয়ে যুৱকজনক । ঘটনা সন্দৰ্ভত গোলাঘাটৰ আৰক্ষী অধীক্ষককো অৱগত কৰা হৈছে যদিও এজনো তেল মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই গোলাঘাট আৰক্ষী ।
লগতে পঢ়ক : ঐতিহ্য ক্ষেত্ৰ ৰূপে সংৰক্ষিত হ’বলগীয়া 1900 চনৰ এটা গৃহ