অসম

assam

ETV Bharat / state

ধনশিৰিত চোৰাং ইউৰিয়া সাৰ জব্দ - সাৰৰ ৰমৰমীয়া ব্যৱসায়

এফালে ইউৰিয়া সাৰৰ নাটনি, আনফালে ধনশিৰি মহকুমাত চলি আছে চোৰাং ইউৰিয়া সাৰৰ ৰমৰমীয়া ব্যৱসায় ৷ দেওবাৰে বৰপথাৰ আৰক্ষীয়ে অভিযান চলাই ইউৰিয়া সাৰ কঢ়িয়াই লৈ আহি থকা অৱস্থাত এখন বাহনসহ ইউৰিয়া সাৰ জব্দ কৰে (Urea seized from Dhansiri) ৷

urea-seized-from-dhansiri
ধনশিৰিত চোৰাং ইউৰিয়া সাৰ জব্দ

By

Published : Apr 10, 2022, 8:56 PM IST

গোলাঘাট, 10 এপ্ৰিল : ৰাজ্যত চোৰাংকৈ অব্যাহত আছে সাৰৰ ৰমৰমীয়া ব্যৱসায় ৷ প্ৰতিদিনে চৰকাৰী ৰাজসাহায্যপ্ৰাপ্ত সাৰ বৃহৎ দামৰ বিনিময়ত গোপনে বিক্ৰী হৈছে ক'লা বজাৰত ৷ চোৰাংভাৱে সাৰ ব্যৱসায়ৰ এক ক'লা সাম্ৰাজ্য চলি থকাৰ মাজতে ধনশিৰি মহকুমাত চলি আছে চোৰাং ইউৰিয়া সাৰৰ ৰমৰমীয়া ব্যৱসায় ৷ ইতিমধ্যে ধনশিৰি আৰক্ষীয়ে অভিযান চলাই অঞ্চলটোৰ বিভিন্ন ঠাইত জব্দ কৰিছে বৃহৎ পৰিমাণৰ নথি পত্ৰ বিহীন ইউৰিয়া সাৰ ।

ধনশিৰিত চোৰাং ইউৰিয়া সাৰ জব্দ

এক গোপন সূত্ৰ অনুসৰি, দেওবাৰে ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত বৰপথাৰ আৰক্ষীয়ে ফৰেষ্ট তিনিআলিত গোলাঘাটৰ পৰা এখন বলেৰ'য়ে ইউৰিয়া সাৰ কঢ়িয়াই লৈ আহি থকা অৱস্থাত বাহনখনত অভিযান চলাই প্ৰায় 60 বেগ ইউৰিয়া সাৰ জব্দ কৰে (Urea seized from Dhansiri) ৷

আৰক্ষীয়ে বলেৰ'খনৰ চালকজনক ইউৰিয়া সাৰখিনিৰ নথি পত্ৰ বিচৰাত তেওঁ কোনো ধৰণৰ নথি পত্ৰ দিব নোৱাৰিলে বুলি জনায় আৰক্ষীয়ে । ইতিমধ্যে আৰক্ষীয়ে ইউৰিয়াসমূহ জব্দ কৰাৰ লগতে বলেৰ'খন জব্দ কৰে আৰক্ষীয়ে ৷ লগতে বলেৰ' বাহনখনৰ চালকজনক আটক কৰি সম্প্ৰতি আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Hollongi Airport rehabilitation scam : কেলেংকাৰীৰ প্ৰতিবেদনক আদৰণি চাকমা ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details