যোৰহাট, 3 অক্টোবৰ :কেইদিনমানৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অভিযান চলোৱাৰ কথা ঘোষণা কৰাৰ পাচতে সোমবাৰৰ নিশাৰ পৰা অসম আৰক্ষীয়ে পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁও আৰু গোলাঘাটতো বাল্য বিবাহ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷
সোমবাৰে নিশা গোলাঘাট আৰক্ষীয়ে কমাৰবন্ধা বামুণ গাঁৱত অভিযান চলাই এজনক আটক কৰে ৷ গোলাঘাট আৰক্ষীৰ সমান্তৰালভাৱে দেৰগাঁও আৰক্ষীয়েও বিভিন্ন প্ৰান্তত অভিযান চালাই ৷ অভিযানত তিনিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
দেৰগাঁও আৰক্ষীয়ে আটক কৰা অৱৈধ স্বামীকেইজন ক্ৰমে 2 নং হাহচৰাৰ ৰিন্টু দাস, 1 নং খকন্দগুৰিৰ ঋষিকেশ বৰা আৰু দক্ষিণ দলিজলীয়াৰ অনুভৱ দাস । বৰ্তমান আটাইকেইজন অৱৈধ স্বামীক গোলাঘাট আৰু দেৰগাঁৱ থানাত ৰখা হৈছে ৷
আৰক্ষীয়ে আটাইকেইজন অৱৈধ স্বামীক সোধ-পোচ অৱ্যাহত ৰাখিছে । ইফালে পৰিয়ালৰ লোক বৰ্তমান দেৰগাঁৱ আৰু গোলাঘাট থানাত নিশা পৰাই ভীৰ কৰা পৰিলক্ষিত হৈছে ৷