অসম

assam

ETV Bharat / state

অস্ত্ৰ সৰবৰাহকাৰীৰ দাৰ ঘাপত আহত আৰক্ষী বিষয়া - চোৰাং অস্ত্ৰ সৰবৰাহকাৰী

অসামৰিক পোচাকত চোৰাং অস্ত্ৰ সৰবৰাহকাৰীৰ লগত অস্ত্ৰ ক্ৰয়-বিক্ৰয়ৰ আলোচনা কৰোঁতেই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে আৰক্ষীক ৷ গোলাঘাট জিলাত সংঘটিত এই ঘটনা সন্দৰ্ভত এতিয়ালৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই গোলাঘাট আৰক্ষীয়ে ৷

চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে আৰক্ষীক

By

Published : Oct 2, 2019, 10:33 AM IST

গোলাঘাট , 2 অক্টোবৰঃ গোলাঘাট জিলাৰ বোকাখাতৰ লখৌজানত মংগলবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ গঁড়ৰ চোৰাং চিকাৰী আৰু অবৈধ অস্ত্ৰ সৰবৰাহকাৰীয়ে দাৰে ঘপিয়াই গুৰুতৰ ভাৱে আহত কৰে আৰক্ষী বিষয়াক ৷ ঘটনাৰ বিৱৰণী মতে কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজ্যোতি গগৈয়ে অসামৰিক পোচাকত এটা আৰক্ষীৰ দলৰ সৈতে তিনিটা চোৰাং চিকাৰীৰ সৈতে অসামৰিক পোচাকত অস্ত্ৰ ক্ৰয়-বিক্ৰয়ৰ বিষয়ে আলোচনা কৰিবৰ বাবে গৈছিল ৷ কিন্তু কথা বাৰ্তা চলি থাকোঁতেই চোৰাং চিকাৰী কেইটাই ময়ুৰজ্যোতি গগৈক আৰক্ষীৰ মানুহ বুলি জানিব পাৰি পিছফালৰ পৰা চোকা দাৰে ঘপিয়াই পলায়ন কৰে ৷ গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰো এই অভিযানত গৈছিল যদিও দলটোৰ আন সকল সদস্যৰ সৈতে ঘটনাস্থলী কিছু দূৰৈত আছিল আৰক্ষী বিষয়াজন ৷ উল্লেখ্য যে, ঘটনা সন্দৰ্ভত এতিয়ালৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই গোলাঘাট আৰক্ষীয়ে ৷ বুধবাৰে পুৱা আঘাতপ্ৰাপ্ত আৰক্ষী বিষয়াজনক গোলাঘাটৰ চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰা হয় । আৰক্ষীয়ে চোৰাং চিকাৰীৰ পৰা এটা থ্ৰি নট থ্ৰি বন্দুক আৰু ৯ জাই গুলী জব্দ কৰিবলৈ সক্ষম হয় ৷

চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে আৰক্ষীক

ABOUT THE AUTHOR

...view details