গোলাঘাট, ২৬ মাৰ্চ: গোলাঘাটত নিৰ্বাচনী কৰ্তব্যত ব্যস্ত আৰক্ষী ঢলি পৰি চিকিৎসাধীন । ভোটগ্ৰহণ কেন্দ্ৰলৈ ইভিএম নিয়াৰ সময়তে গোলাঘাটৰ পুলিবৰ হাইস্কুল খেলপথাৰত এক অবাঞ্চিত ঘটনা সংঘটিত হয় ৷ ৯৬ নং খুমটাই সমষ্টিৰ অন্তৰ্গত ভোট কেন্দ্ৰসমূহলৈ গাড়ীযোগে ভোটিং মেচিনসমূহ প্ৰেৰণ কৰা সময়তে বগীজান আৰক্ষী থানাৰ বিষয়া ৰঞ্জিত শইকীয়া হঠাতে বিদ্যালয় খেলপথাৰতে ঢলি পৰে ৷
লগে লগে তেওঁক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি তেওঁক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে । উচ্চ ৰক্তচাপৰ ফলতেই আৰক্ষী বিষয়াগৰাকী ঢলি পৰা বুলি সন্দেহ কৰা হৈছে ।
গোলাঘাটত নিৰ্বাচনী কৰ্তব্যত ব্যস্ত আৰক্ষী ঢলি পৰি চিকিৎসাধীন উল্লেখ্য যে, ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭ টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে । গোলাঘাট সমষ্টিত ২৮৮ টা আৰু খুমটাই সমষ্টিত ১৯৮ টা কেন্দ্ৰ থাকিব । সমষ্টি দুটাৰ তিনিটা ভোটগ্ৰহণ কেন্দ্ৰ জটিল হিচাপে চিনাক্ত কৰা হৈছে ।
কেন্দ্ৰ কেইটা হৈছে গোলাঘাট সমষ্টিৰ ৩৫ হিন্দী বিদ্যালয়, ১৯৪ ৰতনপুৰ প্ৰাথমিক বিদ্যালয় আৰু খুমটাই সমষ্টিৰ ৮৪ জৰাগুৰি প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ । ইয়াৰোপৰি, আইন-শৃংখলাজনিত দিশৰ পৰা গোলাঘাট সমষ্টিৰ ১৮ টা আৰু খুমটাই সমষ্টিৰ ৭ টা কেন্দ্ৰ জটিল তথা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে । গোলাঘাট সমষ্টিত ১৯ টা আৰু খুমটাই সমষ্টিত দুটা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব ।
লগতে পঢ়ক: নিৰ্বাচনী আয়োগক বুঢ়া আঙুলি দেখুৱালে কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰাক্তন বিধায়কে