গোলাঘাট,15 ফেব্ৰুৱাৰী :গোলাঘাটৰ সদৰ আৰক্ষী থানাত সোমবাৰে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ ৷ হঠাৎ উক্ত ৰক্তচাপ মৃত্যু ঘটে আৰক্ষী পৰিদৰ্শক পদ্ম সোণোৱালৰ ৷ পৰিদৰ্শক গৰাকীক অকাল মৃত্যুত পলকতে ভাগি পৰে সহকৰ্মীসকল ।
ক্ষন্তেকৰ ভোজ খাওতা নাই : কৰ্মৰত অৱস্থাত আৰক্ষীৰ মৃত্যু - golaghat
সোমবাৰে গোলাঘাটৰ সদৰ আৰক্ষী থানাত কৰ্মৰত অৱস্থাত মৃত্যু হয় আৰক্ষী পৰিদৰ্শক পদ্ম সোণোৱালৰ ৷ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত মৃতকলৈ শেষ শ্ৰদ্ধাঞ্জলি ৷
আৰক্ষীৰ মৃত্যু
ইয়াৰ পাচতে সদৰ আৰক্ষী থানালৈ দৌৰা-দৌৰি লাগে গোলাঘাট আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকল । সমবেত হয় গোলাঘাটৰ নাগৰিক, দল-সংগঠনৰ প্ৰতিনিধিসকল । আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত মৃতকলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷