অসম

assam

By

Published : Feb 21, 2020, 7:25 PM IST

ETV Bharat / state

আৰ টি আই কৰ্মী দুলাল বৰাৰ বিৰুদ্ধে অপৰাধ শাখাৰ অভিযান

আটকাধীন R.T.I কৰ্মী দুলাল বৰা গোচৰ সন্দৰ্ভত গোলাঘাট পূৰ্বাঞ্চলিক জুনিয়ৰ কলেজত আৰক্ষীৰ অপৰাধ শাখাৰ তালাচী অভিযান ৷

Police Crime Branch operation against R.T.I. employee Dulal Borah
আৰ টি আই কৰ্মী দুলাল বৰাৰ বিৰুদ্ধে অপৰাধ শাখাৰ অভিযান

গোলাঘাট,21 ফেব্ৰুৱাৰী: গোলাঘাট পূৰ্বাঞ্চলিক জুনিয়ৰ কলেজত আৰক্ষীৰ অপৰাধ শাখাৰ তালাচী অভিযান ৷ আটকাধীন R.T.I কৰ্মী দুলাল বৰাৰ নথি পত্ৰ বিচাৰি কলেজখনত তালাচা চলাই অপৰাধ শাখাই ৷ ২০০১ চনত প্ৰতিষ্ঠানখনত শিক্ষকতা কৰিছিল ধৃত দুলাল বৰাই ৷ বশিষ্ঠ থানাত ৰুজু হোৱা 279/20 গোচৰৰ অনুসন্ধানৰ বাবে এই অভিযান চলাইছে অপৰাধ শাখাই ৷

আৰ টি আই কৰ্মী দুলাল বৰাৰ বিৰুদ্ধে অপৰাধ শাখাৰ অভিযান

অপৰাধ শাখাই ইতিমধ্যে R.T.I কৰ্মী দুলাল বৰাৰ বাসগৃহত উদ্ধাৰ কৰিছে ভুৱা মাৰ্কশ্বিত ৷ লগতে উদ্ধাৰ হৈছে দেৰগাৱঁৰ বহু কেইখন কলেজ,হায়াৰ চেকেণ্ডেৰী আৰু স্কুলৰ ছীল মোহৰ ৷ পূৰ্বতে দুলাল বৰা জড়িত থকা শিক্ষানুষ্ঠানসমূহত অভিযান চলাৰ সম্ভাৱনা আছে ৷ বৰ্তমান গোলাঘাট পূৰ্বাঞ্চল হায়াৰ চেকেণ্ডেৰীত চলি আছে অপৰাধ শাখাৰ তালাচী অভিযান ৷

লগতে পঢ়ক:ছ’চিয়েল মিডিয়াত প’ষ্ট দি চাকৰি হেৰুৱালে শিক্ষকে

ABOUT THE AUTHOR

...view details