দেৰগাঁও, 13 ছেপ্টেম্বৰ :যোৱা ৫ ছেপ্তেম্বৰত মৃত্যুক সাৱটি লৈছিল তেজপুৰৰ ১৬ বছৰীয়া এগৰাকী কিশোৰীয়ে । দেৰগাঁও আৰক্ষী থানাৰ মহিলা কণিষ্টবল অনুৰূপা শইকীয়াৰ ভাৰাঘৰত বনকৰা ছোৱালী হিচাপে আছিল দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী গৰাকী । মৃত্যুৰ তিনিদিন পূৰ্বে তেওঁক অসুস্থ অৱস্থাত তেজপুৰৰ পিতৃ-মাতৃৰ হাতত গতাই দিছিল অনুৰূপা শইকীয়া আৰু তেজপুৰ সদৰ থানাত কৰ্মৰত অনুৰূপাৰ স্বামী ৰাজীৱ বৰাই ।
পিতৃ-মাতৃৰ হাতত গতাই দিয়াৰ পিছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰা কিশোৰী গৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত । অৱশেষত যোৱা ৫ ছেপ্তেম্বৰ তাৰিখে হঠাৎ মৃত্যুক সাৱতি লয় তেওঁ । ইয়াৰ পিছতেই এই ঘটনাই লৈছিল অন্য এক মোৰ । ইতিমধ্যে, দণ্ডাধীশে কিশোৰী গৰাকীৰ মৃত্যু শাৰীৰিক অত্যাচাৰ আৰু যৌন নিৰ্যাতনৰ বাবে হোৱা বুলি স্পষ্টভাৱে জনাইছে ।
ক’ত পলাল কিশোৰীৰ শাৰিৰীক নিৰ্যাতনৰ গোচৰৰ অভিযুক্ত আৰক্ষী দম্পত্তী ? এই কথা দুৰ্ভগীয়া কিশোৰী গৰাকীৰ পৰিয়ালে জানিব পাৰি আৰক্ষী কণিষ্টবল অনুৰূপা আৰু ৰাজীৱৰ বিৰুদ্ধে এটা গোচৰ তৰে । ইয়াৰ পিছৰে পৰাই সন্ধানহীন হৈছিল অভিযুক্ত অনুৰূপা আৰু ৰাজীৱ । দেৰগাঁও আৰক্ষীয়ে দিনে নিশাই বিভিন্ন প্ৰান্তত দুয়ো অভিযুক্তক বিচাৰি জোৰদাৰ অভিযান চলাইছে যদিও কোনো সন্ধান উলিয়াব পৰা নাই । কিন্তু শেহতীয়াকৈ দেৰগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে দেৰগাঁৱৰ কুকিট দাস নামৰ এজন যুৱকক ।
তথ্য অনুসৰি, অনুৰূপা আৰু ৰাজীৱে পলায়ন কৰাৰ আগে আগে সম্পৰ্ক ৰক্ষা কৰিছিল এই কুকিট দাসৰ সৈতে । মূল অভিযুক্ত অনুৰূপা আৰু ৰাজীৱৰ সন্ধান উলিয়াবলৈ দেৰগাঁও আৰক্ষীয়ে এতিয়া মাৰাথান জেৰা চলাইছে এই কুকিট দাসক । কিন্তু এই মূহুৰ্তলৈকে আৰক্ষীয়ে সন্ধান লাভ কৰা নাই পলাতক আৰক্ষী দম্পতী অপুৰূপা আৰু ৰাজীৱৰ ।
স্বাভাবিকতেই আৰক্ষীৰ চকুত ধুলি দি আৰক্ষী দম্পতীটো কেনেকৈ ইমান দিন ধৰি পলাই আছে ইয়াক লৈ এতিয়া উত্থাপিত হৈছে এটা ডাঙৰ প্ৰশ্নবোধক ৷ ইফালে, ১০ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰি দুদিন দেৰগাঁও আৰক্ষীৰ ৰিমাণ্ডত ৰাখি দেওবাৰে আৰক্ষীয়ে কুকিট দাসক জেললৈ প্ৰেৰণ কৰে ৷ কিন্তু ঘটনাৰ মূল অভিযুক্ত আৰক্ষী দম্পতী কেতিয়া গ্ৰেপ্তাৰ হ’ব ইয়াকলৈ সম্প্ৰতি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে দেৰগাঁৱত ।
লগতে পঢ়ক :পাঁচ বছৰৰ মূৰত ঘৰলৈ উভতিব বাংলাদেশত আৱদ্ধ দৰঙৰ যুৱক