অসম

assam

ETV Bharat / state

গোলাঘাটত অধিবক্তা আৰু আৰক্ষীয়েও ভৰিলে জৰিমনা

সাৱধান ! আপুনিও ভৰিব পাৰে জৰিমনা ৷ ইতিমধ্যে গোলাঘাটত খোদ আৰক্ষী আৰু অধিবক্তাই ভৰিব লগা হ'ল জৰিমনা ৷ যান বাহন আইন উলংঘা কৰি ভৰিলে ধন ৷

By

Published : Nov 29, 2019, 5:46 PM IST

ETV BHARAT
গোলাঘাটত কৰ্তব্য লৈ ওলাই আহি অধিবক্তা আৰু আৰক্ষীয়ে ভৰিলে জৰিমনা

গোলাঘাট, 29 নৱেম্বৰঃ এইবাৰ গোলাঘাটত যান-বাহন আৰক্ষীৰ পাকত খোদ আৰক্ষী বিষয়া আৰু অধিবক্তা ৷ নতুনকৈ প্ৰণয়ন কৰা যান-বাহন আইন মানি নচলাৰ বাবেই বহুলোকক গোলাঘাটৰ যান-বাহন আৰক্ষীয়ে বিহিলে জৰিমনা ৷

গোলাঘাটত কৰ্তব্য লৈ ওলাই আহি অধিবক্তা আৰু আৰক্ষীয়ে ভৰিলে জৰিমনা
এইবাৰ সাধাৰণ লোক নহয়। অধিবক্তা আৰু আৰক্ষীও বাছি নগ'ল নতুন কৈ প্ৰণয়ন হোৱা যান-বাহন আইন প্ৰক্ৰিয়াৰ বাবে। এইবাৰ ৰাতিপুৱাতে কৰ্তব্যলৈ ওলাই আহি অধিবক্তা আৰু আৰক্ষীয়েও ভৰিব লগা হ'ল জৰিমনা। কাৰণ তেওঁলোকৰ নাই হেলমেট অথবা গাড়ীৰ সম্পূৰ্ণ নথি-পত্ৰ ৷ খোদ আৰক্ষী বিষয়াই উলংঘা কৰিছে যান-বাহন আইনৰ নীতি -নিয়ম ৷ শুকুৰবাৰে গোলাঘাট চহৰত যান-বাহন আৰক্ষীয়ে চলোৱা অভিযানত হেলমেট পৰিধান নকৰা বাইক আৰোহীৰ লগতে যানবাহন আইন মানি নচলা লোকক আৰক্ষীয়ে বিহে জৰিমনা ।

ABOUT THE AUTHOR

...view details