গোলাঘাট, ১ এপ্ৰিল: ১৪ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ সেইদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব ডিব্ৰুগড় জিলাৰ নামৰূপত নতুনকৈ স্থাপন কৰা মিথানল উৎপাদন প্ৰকল্প ৷ উল্লেখ্য যে, দৈনিক ৫০০ টন মিথানল উৎপাদন ক্ষমতা আছে এই প্ৰকল্পটোৰ (Methanol production plant) ৷
এই উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত শুকুৰবাৰে এক গুৰুত্বপূর্ণ আলোচনা অনুষ্ঠিত হয় ৷ এই আলোচনাত উদ্যোগ বিভাগৰ সচিব ড৹ লক্ষ্মণন এছ, আয়ুক্ত ঐনাম শৰণ কুমাৰ সিঙকে ধৰি উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল ৷
এই বৈঠকত উদ্বোধনী অনুষ্ঠানৰ বিষয়ে আলোচনা কৰাৰ লগতে সকলো ব্যৱস্থা নিয়াৰিকৈ সম্পাদন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷ উল্লেখ্য যে, অসম চৰকাৰৰ অধীনত ১৯৭১ চনত স্থাপন কৰা অসম পেট্ৰ’কেমিকেলছ লিমিটেড চমুকৈ এপিএল হৈছে প্ৰাকৃতিক গেছৰ পৰা মিথানল উৎপাদন কৰা দেশৰ প্ৰথমটো কোম্পানী (Indian petrochemical industry) ৷