গোলাঘাট, 4 অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰ পলিথিনৰ কেৰিবেগ নিষিদ্ধ কৰাৰ ঘোষণা কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিয়ে । নামঘৰৰ পৰিচালনা সমিতিয়ে নামঘৰলৈ অহা সেৱকীসকলক ঘৰলৈ প্ৰসাদ নিবলৈ পলিথিনৰ কেৰিবেগ যোগান নধৰাৰ সিদ্ধান্ত লৈছে । সমিতিয়ে সেৱকীসকলক প্ৰসাদ নিবলৈ নিজাকৈ হাঁচতি বা অন্য ব্যৱস্থা কৰাৰ আহ্বান জনাইছে৷
আঠখেলীয়া নামঘৰত নিষিদ্ধ পলিথিন - আঠখেলীয়া নামঘৰ
ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰলৈ অহা সেৱকীসকলক ঘৰলৈ প্ৰসাদ নিবলৈ লগত হাঁচতি বা অন্য ব্যৱস্থা নিজাকৈ কৰাৰ আহ্বান নামঘৰ পৰিচালনা সমিতিৰ । সমগ্ৰ দেশতে পলিথিন জাতীয় সামগ্ৰী নিষিদ্ধ হোৱাৰ পাছত সেৱকীসকললৈ এই অনুৰোধ আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিৰ ৷
আঠখেলীয়া নামঘৰত নিষিদ্ধ পলিথিন
সমিতিয়ে লগতে নামঘৰত শৰাই দিবলৈ তথা অৰ্চনা কৰিবলৈ অহা সেৱকীসকলক শৰাইৰ লগত 20 খন প্ৰসাদ গ্ৰহণ কৰিব পৰা কলপাত আনিবলৈ অনুৰোধ জনায় । কাৰণ সমিতিয়ে পূৰ্বৰ পলিথিনৰ কেৰিবেগৰ পৰিবৰ্তে ঘৰলৈ দিবলগা প্ৰসাদ কলপাততহে প্ৰদান কৰিব । উল্লেখ্য যে, পৱিত্ৰ ভাদ মাহত আঠখেলীয়া নামঘৰত সেৱকীক প্ৰসাদ দিবলৈ দৈনিক 15 ৰ পৰা 20 কিলো পলিথিনৰ কেৰিবেগ প্ৰয়োজন হৈছিল । যাৰবাবে বছেৰেকত পলিথিনৰ কেৰিবেগৰ নামত নামঘৰৰ পুঁজিৰ পৰা ব্যয় হৈছিল প্ৰায় 3/4 লাখ টকা ।