গোলাঘাট,15 জুলাইঃ গোলাঘাট জিলাৰ সমীপৰ কাৰ্বি পাহাৰত কৃষি বিপ্লৱ । শিল,বালিৰ মাজত সেউজ বিপ্লৱেৰে কাৰ্বি পাহাৰক ব্যতিক্ৰমী ৰূপ দিছে এইগৰাকী কৃষকে ৷ নুমলীগড়ৰ সমীপৰ কাৰ্বি আংলং জিলাৰ নীলিপ উন্নয়ন খণ্ডৰ অন্তৰ্গত "চাৰেত বেপাৰী"গাঁৱৰ এইগৰাকী ৰবেন তেৰণ । ৰবেন তেৰণৰ দৰে কাৰ্বি পাহাৰত বহু খেতিয়কে ৫০ বছৰৰো অধিক কাল এনেদৰে আনাৰসৰ খেতি কৰি আহিছে ৷ আনাৰসক প্ৰধান খেতি হিচাপে লৈ এই খেতিৰ দ্বাৰা স্বাৱলম্বী হোৱাৰ লগতে সুন্দৰভাৱে পৰিয়াল পোহপাল দিছে বহুজনে ৷
কঠিন শিল-বালিৰ মাজতেই কাৰ্বি পাহাৰত সেউজ বিপ্লৱ - কাৰ্বি পাহাৰৰ কৃষি কাৰ্য
কাৰ্বি পাহাৰত বহু খেতিয়কে ৫০ বছৰৰো অধিক কাল আনাৰসৰ খেতি কৰি আহিছে ৷ এটা বা দুটা বছৰ নহয়,বহু বছৰ ধৰি চলি অহা কাৰ্বি পাহাৰৰ কৃষি কাৰ্যৰ জৰিয়তে অসমৰ লগতে লাভৱান হৈছে কাষৰীয়া ৰাজ্য সমূহ ।
![কঠিন শিল-বালিৰ মাজতেই কাৰ্বি পাহাৰত সেউজ বিপ্লৱ pineapple-farmer-from-golaghat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8034525-thumbnail-3x2-a.jpg)
কঠিন শিল-বালিৰ মাজতেই কাৰ্বি পাহাৰত সেউজ বিপ্লৱ
কঠিন শিল-মাটিৰ মাজতেই কাৰ্বি পাহাৰত সেউজ বিপ্লৱ
কাৰ্বি পাহাৰত উৎপাদন হোৱা আনাৰসৰ ৰপ্তানি হয় অসমৰ বিভিন্ন স্থানৰ লগতে কাষৰীয়া ৰাজ্য নাগালেণ্ড, অৰুণাচল প্ৰদেশ আদি ৰাজ্যলৈ। পাহাৰত এক কঠোৰ সংগ্ৰামৰ পিছত দেশৰ অৰ্থনৈতিক ব্যৱস্থা সৱল কৰা এই সকল কৃষকৰ প্ৰতি চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰিছে সেইয়া এক লক্ষ্যণীয় বিষয় । চৰকাৰী বিভাগ আৰু ৰাজ্য চৰকাৰে এক বিশেষ আঁচনিৰ জৰিয়তে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে কৃষক সকলে ।