অসম

assam

ETV Bharat / state

সৰুপথাৰত গাহৰি ফাৰ্মত ছেনিটাইজেশ্বনৰ ব্যৱস্থা - জনস্বাস্থ্য কাৰিকৰী বিভাগে

সমগ্ৰ অসমত আফ্ৰিকান ছোৱাইন ফিভাৰত হেজাৰ হেজাৰ গাহৰিৰ মৃত্যু হোৱাত টোপনি হৰিছে গাহৰি পালকসকলৰ ৷ তেনে সময়তে ধনশিৰি মহকুমাত পশু পালন বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে লৈছে এক প্ৰসংশনীয় পদক্ষেপ ৷

pig-farm-sensitization-in-sarupathar
সৰুপথাৰত গাহৰি ফাৰ্মত ছেনিটাইজেশ্ব্যনৰ ব্যৱস্থা

By

Published : May 16, 2020, 3:33 PM IST

সৰুপথাৰ, 16 মে‘ : সৰুপথাৰ খণ্ড পশু পালন বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৰুপথাৰ উপ সংমণ্ডল বিভাগে আদৰ্শ গাহৰি পালক পদ্মেশ্বৰ বৰা আৰু বিজিত গগৈৰ সহযোগত শুক্ৰবাৰে কেইবাখনো গাহৰি ফাৰ্মত ছেনিটাইজেশ্বন কৰাৰ লগতে সজাগতা অভিযান চলায় ৷ এই কাৰ্যসূচীত পশু চিকিৎসক ডাঃ বিচিত্ৰ হালৈ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা যাদৱ গগৈয়ে অংশ গ্ৰহন কৰে ৷ পশু চিকিৎসক ডাঃ বিচিত্ৰ হালৈয়ে ধনশিৰি মহকুমাৰ গাহৰি পালক সকলক বৰ্তমানৰ সময়ত কোনো পোৱালি অন্য ঠাইৰ পৰা যাতে ক্ৰয় নকৰে আৰু ফাৰ্ম সমূহত ব্লেচিং পাউদাৰেৰে স্প্ৰে কৰিবৰ বাবে অনুৰোধ জনায় ৷ বৰ্তমানলৈকে ধনশিৰি মহকুমাত আফ্ৰিকান ছোৱাইন ফিভাৰত গাহৰিৰ মৃত্যু হোৱা নাই বুলিও জনায় পশু চিকিৎসক গৰাকীয়ে ৷

সৰুপথাৰত গাহৰি ফাৰ্মত ছেনিটাইজেশ্ব্যনৰ ব্যৱস্থা
পশু চিকিৎসা বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে আফ্ৰিকান ছোৱাইন ফেভাৰ সংক্ৰমন ৰোধ কৰিবৰ বাবে গাহৰি ফাৰ্ম সমূহত বৰ্তমান যি ছেনিটাইজেশ্বনৰ ব্যৱস্থা কৰা হৈছে তাৰ প্ৰসংশা কৰে ৷

লগতে পঢ়ক :ৰাজ্যত পুনৰ দুজনকৈ কৰ'ণাত আক্ৰান্ত ব্যক্তি চিনাক্ত

ABOUT THE AUTHOR

...view details