অসম

assam

By

Published : Mar 11, 2020, 11:49 AM IST

Updated : Mar 11, 2020, 12:08 PM IST

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত ব্যাপক প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল জনতা

সমগ্র ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি গণতান্ত্ৰিক আন্দোলন তুলি সমগ্ৰ অসমীয়া জাতিক এক কৰা জাতীয় সত্তা অখিল গগৈ এতিয়া ৰজাঘৰৰ কৃপাত ৰঙাঘৰৰ আলহী । অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ ৷ বুধবাৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোৰহাটৰ ৰাইজৰ ঐক্যবদ্ধ গণতান্ত্ৰিক আন্দোলন ৷

people-protest-for-free-to-akhil-gogoi
গৈৰ মুক্তিৰ দাবীত ব্যাপক প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল জনতা

যোৰহাট,11 মাৰ্চঃনাগৰিকত্ব সংশোধনী আইনজাতীয় জীৱনৰ ওপৰত জাপি দিব বিচৰা কাৰ্যক প্ৰতিবাদ কৰাৰ ফলত ৰজাঘৰৰ দৃষ্টিত এক যেন গুৰুত্ব অপৰাধী এতিয়া জাতীয় সংগ্ৰামী পুৰুষ অখিল গগৈ ।যাৰ ফলত আজি এটা মাহৰো অধিক কাল শাৰীৰিক অসুস্থতাৰ অৱস্থাতো ৰঙাঘৰৰ আলহী হ'ব লগা হৈছে অখিল গগৈ।

অখিল গগৈৰ মুক্তিৰ দাবীত ব্যাপক প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল জনতা
অখিল গগৈৰ মুক্তিৰ দাবীত ব্যাপক প্ৰতিবাদ
অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ ৷ বুধবাৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোৰহাটৰ ৰাইজৰ ঐক্যবদ্ধ গণতান্ত্ৰিক আন্দোলন ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি কাৰাবন্দী হৈ থকা অখিল গগৈ লগতে আন সকলো কাৰাবন্দীক বিনাচৰ্তে মুক্তিৰ দাবীত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে যোৰহাটবাসীয়ে । ঐক্যবদ্ধ ভাৱে যোৰহাটৰ ৰাইজৰ প্ৰতিবাদত উত্তাল হৈ পৰিল জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ।
Last Updated : Mar 11, 2020, 12:08 PM IST

ABOUT THE AUTHOR

...view details