খুমটাই, 29 এপ্ৰিলঃশ্ৰীলংকাৰ নৰসংহাৰক তীব্ৰ ভাষাৰে গৰিহণা গোলাঘাট খুমটাইবাসীৰ ৷ বিগত 21 এপ্ৰিলত পবিত্ৰ ইষ্টাৰ ছানডেত আইছিছ সন্ত্ৰাসবাদীয়ে গীৰ্জাঘৰ আৰু হোটেলত সংঘটিত কৰা ধাৰাবাহিক আত্মঘাতী বিস্ফোৰণৰ ঘটনাক স্মৰণ কৰি উচুপি উঠে স্থানীয় ৰাইজ ৷
শ্ৰীলংকাৰ নৰসংহাৰৰ নিহতৰ স্মৃতিত উচুপি উঠিল গোলাঘাটবাসী - Golaghat Pay Tribute
দেওবাৰে নিশাৰ ভাগত গোলাঘাটৰ খুমটাই অনুষ্ঠিত হৈ যায় এক স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ শ্ৰীলংকাত সংঘটিত নৰসংহাৰত নিহতসকলৰ স্মৃতিত স্থানীয় বুটলিখোৱা ৰঞ্জিত ক্লাৱে অনুষ্ঠিত কৰে প্ৰাৰ্থনা সভা ৷
স্মৃতিচাৰণ ও শ্ৰদ্ধাঞ্জলী অনুষ্ঠান
স্থানীয় বুটলিখোৱা ৰঞ্জিত ক্লাৱে আয়োজন কৰা স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বহুসংখ্যক লোক ৷ প্ৰভু যীশুক ন্যায় বিচাৰি সমূহীয়া প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰাৰ লগতে মম জ্বলাই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷ আনহাতে অনুষ্ঠানৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্ৰী লংকাত হোৱা নৰসংহাৰত ভুক্তভোগী সকলক ন্যায় আৰু দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাই গোলাঘাট উপায়ুক্তৰ জড়িয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷